চাহ ৰপ্তানিত থকা বাধা দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ ওচৰত দাবী
কাঠমাণ্ডু, ১৬ মে’(হি.স.)। ভাৰতে ১ মে’ত নতুন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) ৰূপায়ণ কৰাৰ পিছতে নেপালৰ চাহ উদ্যোগ গুৰুতৰ সংকটত ডুব গৈছে। এইক্ষেত্ৰত ব্যৱসায়ীসকলে প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহক এই সমস্যা সমাধানৰ বাবে আহ্বান জনাইছে। নতুন নি
प्रतीकात्मक तस्वीर


কাঠমাণ্ডু, ১৬ মে’(হি.স.)। ভাৰতে ১ মে’ত নতুন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) ৰূপায়ণ কৰাৰ পিছতে নেপালৰ চাহ উদ্যোগ গুৰুতৰ সংকটত ডুব গৈছে। এইক্ষেত্ৰত ব্যৱসায়ীসকলে প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহক এই সমস্যা সমাধানৰ বাবে আহ্বান জনাইছে।

নতুন নিৰ্দেশনা অনুসৰি ভাৰতত প্ৰৱেশ কৰা প্ৰতিখন ট্ৰাক আৰু নেপালী চাহৰ চালানৰ পৰীক্ষাগাৰত পৰীক্ষা কৰাটো বাধ্যতামূলক।

ব্যৱসায়ীসকলৰ মতে, নতুন দিল্লীত থকা নেপালী দূতাবাসে ভাৰতীয় বাণিজ্য মন্ত্ৰালয় আৰু ভাৰতৰ চাহ ব’ৰ্ডৰ বিষয়াসকলৰ সৈতে অহৰহ যোগাযোগ কৰি আহিছে, বাধাসমূহ আঁতৰাবলৈ অনুৰোধ জনাইছে। এই সমস্যা সমাধানৰ বাবে এতিয়া প্ৰধানমন্ত্ৰী পৰ্যায়ত প্ৰত্যক্ষ হস্তক্ষেপৰ দাবী জনাইছে চাহ ব্যৱসায়ীসকলে। তেওঁলোকৰ মতে পূৰ্বৰ দৃষ্টান্তত তেতিয়াৰ প্ৰধানমন্ত্ৰীসকলে ভাৰতীয় সমকক্ষসকলৰ সৈতে এই বিষয়টো পোনপটীয়াকৈ সম্বোধন কৰিছিল, আৰু সেয়েহে এইবাৰো উচ্চ পৰ্যায়ৰ ৰাজনৈতিক আলোচনা অতি প্ৰয়োজনীয়।

ব্যৱসায়ীসকলে কয় যে প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে নেপালৰ প্ৰধান ৰপ্তানিযোগ্য কৃষিজাত সামগ্ৰীৰ বজাৰ সুৰক্ষিত কৰাৰ বাবে তৎকালীনভাৱে সুনিৰ্দিষ্ট আৰু প্ৰত্যক্ষ ব্যৱস্থা গ্ৰহণ কৰা উচিত।

নেপাল চাহ উৎপাদক সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি শিৱ কুমাৰ গুপ্তাই কয় যে এই কঠোৰ নিয়মৰ বাবে বিগত ডেৰমাহ ধৰি ৰপ্তানি কাৰ্যতঃ বন্ধ হৈ পৰিছে। তেওঁৰ মতে, ভাৰতীয় ক্ৰেতাসকলে এই সময়ছোৱাত নিজৰ দায়িত্বত মাত্ৰ দুখন ট্ৰাক চাহ ক্ৰয় কৰিছে, যিটো অতি কম পৰিমাণৰ চাহৰে গঠিত, তৰাই অঞ্চলৰ পৰা প্ৰায় ১০–১২ টন আৰু পাহাৰীয়া অঞ্চলৰ পৰা ৪–৫ টন চাহ।

তেওঁ লগতে কয় যে চাহৰ বতৰ মাত্ৰ আৰম্ভ হৈছে, গতিকে বৰ্তমান সময়ত কোনো বিশেষ ব্যৱসায়িক লোকচান হোৱা নাই, কিন্তু ভাল বৰষুণৰ বাবে অহা সপ্তাহত উৎপাদন দ্ৰুতগতিত বৃদ্ধি পাব। তেতিয়ালৈকে যদিহে ৰপ্তানি পুনৰ মুকলি নহয়, তেন্তে মজুতকৰণৰ অভাৱত উদ্যোগী আৰু কৃষকসকলে যথেষ্ট লোকচানৰ সন্মুখীন হ’ব লাগিব।

একেদৰে নেপাল চাহ সন্থাৰ সভাপতি কমল মৈনালিয়ে উল্লেখ কৰে যে ভাৰতৰ নতুন নিয়মে ব্যৱসায়ীসকলৰ বাবে বিপদ যথেষ্ট বৃদ্ধি কৰিছে। তেওঁ লগতে কয় যে যদিহে চাহ ১৫ দিন সীমান্তত আবদ্ধ হৈ থাকে তেন্তে ইয়াৰ গুণগত মান অৱনমিত হোৱাৰ আশংকা থাকে। তদুপৰি চাহ যদি লেব টেষ্টত ফেইল হয় তেন্তে ধ্বংস কৰাৰ বাহিৰে আন কোনো বিকল্প নাথাকিব।

ৰিপৰ্ট নোপোৱালৈকে চাহ বিক্ৰী কৰিব নোৱাৰিব বুলি উল্লেখ কৰে মৈনালিয়ে। যদি চাহ লেব টেষ্টত ব্যৰ্থ হয় তেন্তে নেপাললৈ ঘূৰাই অনাৰ অনুমতিও নাই। যদি ইয়াক ঘূৰাই আনিব লাগে তেন্তে ৪০ শতাংশ সীমা শুল্ক আৰু ১৩ শতাংশ ভেট দিব লাগিব। এনে পৰিস্থিতিত ব্যৱসায়ীসকলে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ’ব। তেওঁ কয় যে এই সমস্যা কেৱল প্ৰশাসনিক বা কূটনৈতিক পৰ্যায়ত সমাধান হোৱা যেন নালাগে, গতিকে উচ্চ ৰাজনৈতিক হস্তক্ষেপ অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande