অসমৰ ভ্ৰাম্যমাণ জগতত নৱতম সংযোজন থিয়েটাৰ কাঞ্চনজঙ্ঘা,টিহুৰ পুঠিমাৰীত আনুষ্ঠানিকভাৱে থিয়েটাৰ খনৰ নাম উন্মোচন
নলবাৰী, ১৬ মে (হি.স.)। অসমৰ ভ্ৰাম্যমাণ জগতত নৱতম সংযোজন থিয়েটাৰ কাঞ্চনজঙ্ঘা। টিহুৰ দলৈগাঁও, পুঠিমাৰীত আনুষ্ঠানিকভাৱে থিয়েটাৰ খনৰ নাম উন্মোচন কৰা হয়। ২০২৮-২৯ নাট্যবৰ্ষত প্ৰথম খোজ দিব থিয়েটাৰ খনে। সাংস্কৃতিক ক্ষেত্ৰ খনলৈ এই সুখবৰে উৎফুল্লিত কৰি তুলি
অসমৰ ভ্ৰাম্যমাণ জগতত নৱতম সংযোজন থিয়েটাৰ কাঞ্চনজঙ্ঘা,টিহুৰ পুঠিমাৰীত আনুষ্ঠানিকভাৱে থিয়েটাৰ খনৰ নাম উন্মোচন


নলবাৰী, ১৬ মে (হি.স.)। অসমৰ ভ্ৰাম্যমাণ জগতত নৱতম সংযোজন থিয়েটাৰ কাঞ্চনজঙ্ঘা। টিহুৰ দলৈগাঁও, পুঠিমাৰীত আনুষ্ঠানিকভাৱে থিয়েটাৰ খনৰ নাম উন্মোচন কৰা হয়। ২০২৮-২৯ নাট্যবৰ্ষত প্ৰথম খোজ দিব থিয়েটাৰ খনে। সাংস্কৃতিক ক্ষেত্ৰ খনলৈ এই সুখবৰে উৎফুল্লিত কৰি তুলিছে সাংস্কৃতিক কৰ্মী তথা ভ্ৰাম্যমাণ নাট্যপ্ৰেমীলৈ।

ৰুবুল লহকৰ আৰু অনুপ লহকৰ নামৰ দুই ভাতৃৰ প্ৰচেষ্টাত আৰম্ভ হবলৈ গৈ আছে থিয়েটাৰ খনে। উক্ত গাম্ভীৰ্য্যপূৰ্ন অনুষ্ঠানটোত আবাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰয়োজক কৃষ্ণ ৰয়, বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য, অভিনেতা সঞ্জীৱ শৰ্মা, জেফি বক্সিৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে ।

সকলো ৰাইজৰ সহায় সহযোগিতা আৰু পৰামৰ্শ বিচাৰিছে থিয়েটাৰ খনৰ প্ৰযোজক ভাতৃদ্বয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande