
নগাঁও, ১৬ মে (হি.স.)। জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত থিয়টাঙনিত জুৰীয়া আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ ড্ৰাগছ সহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ৰূপহীহাটৰ কাঞ্চনপুৰৰ মফিদুল ইছলাম আৰু মাফিজুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।
এক গোপন সূত্ৰৰ ভিত্তিত জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰজ্ঞান গগৈৰ নেতৃত্বত জুৰীয়াৰ থিয়টাঙনিত অভিযান চলাই ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা এএছ ০২এএম-১১২৭ নম্বৰৰ এনএছ-১৬০ বাইক সহ এটা চাবোনৰ বাকচ ভৰ্তি নিষিদ্ধ ড্ৰাগছ জব্দ কৰে। অধিক তথ্য সংগ্ৰহৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে জুৰীয়া আৰক্ষী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা