চামগুৰিত আতংকৰ সৃষ্টি কৰা বন্য হস্তীক বশ কৰিবলৈ পুনৰ গুলী চালনা বন কৰ্মীৰ
চামগুৰিত আতংকৰ সৃষ্টি কৰা বন্য হস্তীক বশ কৰিবলৈ পুনৰ গুলী চালনা বন কৰ্মীৰ।
চামগুৰিত আতংকৰ সৃষ্টি কৰা বন্য হস্তীক বশ কৰিবলৈ পুনৰ গুলী চালনা বন কৰ্মীৰ


নগাঁও, ১৬ মে’ (হি.স.): নগাঁও জিলাৰ চামগুৰিত আতংকৰ সৃষ্টি কৰা বন্য হস্তীক বশ কৰিবলৈ যোৱা কালি সন্ধিয়া পুনৰ গুলী চালনা কৰিবলগা হয় বন কৰ্মীয়ে । চামগুৰিৰ মাজ মজিয়াত দুজন লোকক আক্ৰমণ কৰি নিহত কৰা বন্য হস্তীটো বৰ্তমান ৰঙাগড়াত অৱস্থান কৰি আছে।

ৰঙাগড়া স্থিত চিমেণ্ট কোম্পানীৰ কাষৰ পথাৰত অৱস্থান কৰা বন্য হস্তীটোক বশ কৰি খেদিবলৈ অপ্ৰাণ চেষ্টা চলাই আছে বন কৰ্মীসকলেয়ে । ইফালে বন কৰ্মীৰ গুলীৰ কুবলৈও কেৰেপ কৰা নাই উগ্ৰ ৰূপ ধাৰণ কৰা বন্য হস্তীটোৱে । মাজে মাজে বন কৰ্মীলৈ চোঁচা লৈ আহে বন্য হস্তীটোৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande