
দৰং, ১৬ মে (হি.স.)। ছিপাঝাৰৰ চৰাঞ্চলত শীঘ্ৰেই পুণৰ চলিব উচ্ছেদ।বেদখলকাৰীক উচ্ছেদ কৰি সম্প্ৰসাৰণ কৰা হ'ব গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্প। লক্ষ্য- ২০ হাজাৰ বিঘা ভূমি। সেই উদ্দেশ্যে সাজু কৰা হৈছে এক্সন প্লেন। ইতিমধ্যে প্ৰশাসনৰ একাংশ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয় প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আৰু ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী। গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পক অসমৰ ভিতৰতে এক আদৰ্শ কৃষি প্ৰকল্প হিচাপে গঢ়ি তুলি স্থানীয় যুৱক-যুৱতীক সংস্থাপিত কৰাই লক্ষ্য হ'ব বুলি মন্তব্য পদ্ম হাজৰিকাৰ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ