দেশৰ আটাইতকৈ জনপ্ৰিয় আৰু প্ৰভাৱশালী জিলা দণ্ডাধীশ কোন? ফেম ইণ্ডিয়াই প্ৰকাশ কৰিছে তালিকা
- ফেম ইণ্ডিয়াৰ শ্ৰেষ্ঠ জিলা দণ্ডাধীশ ২০২৬ৰ সমীক্ষাত বহু বিশিষ্ট ব্যক্তি অন্তৰ্ভুক্ত - উন্নয়ন, উদ্ভাৱন আৰু সুশাসনৰ ভিত্তিত নিৰ্বাচিত শ্ৰেষ্ঠ জিলা দণ্ডাধীশ নতুন দিল্লী, ১৬ মে’ (হি.স.)। ফেম ইণ্ডিয়া মেগাজিন আৰু এছিয়া পোষ্টে প্ৰকাশ কৰা শ্ৰেষ্ঠ জি
फेम इंडिया मैगजीन  (फाइल फाेटाे)


- ফেম ইণ্ডিয়াৰ শ্ৰেষ্ঠ জিলা দণ্ডাধীশ ২০২৬ৰ সমীক্ষাত বহু বিশিষ্ট ব্যক্তি অন্তৰ্ভুক্ত

- উন্নয়ন, উদ্ভাৱন আৰু সুশাসনৰ ভিত্তিত নিৰ্বাচিত শ্ৰেষ্ঠ জিলা দণ্ডাধীশ

নতুন দিল্লী, ১৬ মে’ (হি.স.)। ফেম ইণ্ডিয়া মেগাজিন আৰু এছিয়া পোষ্টে প্ৰকাশ কৰা শ্ৰেষ্ঠ জিলা দণ্ডাধীশ ২০২৬ সমীক্ষাৰ প্ৰাৰম্ভিক ফলাফলত সমগ্ৰ দেশৰ প্ৰায় ১০০ জন জিলা দণ্ডাধীশক অন্তৰ্ভুক্ত কৰা হৈছে। সু-প্ৰশাসন, জনচিন্তা, উন্নয়নমূলক কাম, উদ্ভাৱন, সংকট ব্যৱস্থাপনা, আৰু ফলপ্ৰসূ শাসনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এই তালিকাত বহুতো সুপৰিচিত আৰু জনপ্ৰিয় জিলা দণ্ডাধীশৰ নাম সন্নিবিষ্ট কৰা হৈছে।

ফেম ইণ্ডিয়াই উল্লেখ কৰিছে যে দেশৰ প্ৰায় ৮০০ জিলাত কৰ্মৰত বিষয়াসকলৰ কাম-কাজৰ বিশদ অধ্যয়নৰ অন্তত এই তালিকা প্ৰস্তুত কৰা হৈছে। বিশেষজ্ঞৰ মতামত, স্থল প্ৰতিবেদন, সংবাদ মাধ্যমৰ বিশ্লেষণ, জনসাধাৰণৰ মতামত আদিয়েই আছিল নিৰ্বাচন প্ৰক্ৰিয়াৰ প্ৰধান কাৰক।

এই সমীক্ষাত বিষয়াসকলক উৎকৃষ্ট প্ৰশাসনিক ক্ষমতা, ফলপ্ৰসূ শাসন ব্যৱস্থা, দ্ৰুত সিদ্ধান্ত গ্ৰহণ, সংবেদনশীলতা, জবাবদিহি কৰ্মশৈলী, জনসংযোগ আৰু উন্নয়নমুখী মানসিকতাকে ধৰি ১০টা মূল পৰিমাপত মূল্যায়ন কৰা হৈছিল।

প্ৰাথমিক তালিকাত অন্ধ্ৰপ্ৰদেশ, অসম, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ওড়িশা, কৰ্ণাটক, কেৰালা, ছত্তীশগড়, ঝাৰখণ্ড, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, পশ্চিম বংগ, পঞ্জাৱ, বিহাৰ, মণিপুৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয়, ৰাজস্থান, হাৰিয়ানা আৰু হিমাচল প্ৰদেশসহ বিভিন্ন ৰাজ্যৰ জিলা দণ্ডাধীশসকলক চামিল কৰা হৈছে ।

এই তালিকাত ৰাজস্থানৰ প্ৰখ্যাত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া টিনা ডাবি, উত্তৰ প্ৰদেশৰ পৰা ৰবীন্দ্ৰ কুমাৰ আৰু বিশাখ জি আয়েৰ, বিহাৰৰ পৰা বৈভৱ শ্ৰীবাস্তৱ আৰু বিবেক ৰঞ্জন মৈত্ৰেয়, ঝাৰখণ্ডৰ মঞ্জুনাথ ভজনত্ৰী, মহাৰাষ্ট্ৰৰ পৰা সৌৰভ কাটিয়াৰ, আৰু হাৰিয়ানাৰ পৰা নেহা সিং আদি বিশিষ্ট নাম সন্নিবিষ্ট কৰা হৈছে।

ইয়াৰ উপৰিও এজিএমইউটিৰ কেডাৰ বিষয়া অংকিত যাদৱ, লক্ষ্য সিংঘল, মেকলা চৈতন্য প্ৰসাদ, বিশাখা যাদৱ, সলোনী ৰায় আৰু ছনী কুমাৰ সিঙকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

ফেম ইণ্ডিয়াৰ পৰিচালন সম্পাদক অনিল সিঙে শনিবাৰে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে প্ৰত্যাহ্বানমূলক পৰিস্থিতিতো নিজৰ উৎকৃষ্ট শাসন আৰু জনসেৱাৰ কামৰ জৰিয়তে নিজকে বিশিষ্ট কৰি তোলা জিলা দণ্ডাধীশসকলক সন্মান আৰু স্বীকৃতি দিয়া। তেওঁ কয় যে নিৰ্বাচিত বিষয়াসকলৰ ওপৰত বিশদ অংশীদাৰ জৰীপ কৰা হৈছিল, আৰু বিভিন্ন শিতানত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা জিলা দণ্ডাধীশসকলক ফেম ইণ্ডিয়াৰ বিশেষ সংখ্যাত বিশিষ্টভাৱে উল্লেখ কৰা হ’ব।

অনিল সিঙে লগতে কয় যে এই সমীক্ষাটো কেৱল জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰি নহয়, বিষয়াসকলৰ প্ৰকৃত কাম, প্ৰশাসনিক দক্ষতা, আৰু জনসাধাৰণৰ সৈতে তেওঁলোকৰ সক্ৰিয় জড়িততা বিবেচনা কৰি প্ৰস্তুত কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande