

কামৰূপ, ১৬ মে (হি.স.)। বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিজেপি বিধায়ক ৰাজু মেছৰ তৎপৰতা। নৱগঠিত বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অসম-মেঘালয় সীমান্তৱৰ্তী বহু অঞ্চল পৰিদৰ্শন তথা ৰাইজৰ সমস্যাৰ বুজ লয় বকো - ছয়গাওঁৰ নৱনিৰ্বাচিত বিজেপি বিধায়ক ৰাজু মেছে । প্ৰথমে সীমান্তৱৰ্তী অঞ্চলটোত থকা লালমাটিৰ ৩০খন বিচনাযুক্ত আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰি বৰ্তমানৰ পৰিস্থিতিৰ বুজ লয় । বৰ্তমানলৈ চিকিৎসালয়খনত নিয়োজিত কৰা নাই স্থায়ী চিকিৎসক তথা স্বাস্থ্যকৰ্মী ।
আনহাতে, অসম মেঘালয় সীমান্তৱৰ্তী হাহিম বজাৰ পৰিদৰ্শন কৰে নৱনিৰ্বাচিত বিধায়ক ৰাজু মেছে । হাহিম বজাৰৰ কাষেৰে পাৰ হৈ যোৱা হাহিম নদীৰ গৰাখহনীয়াৰ বুজ লোৱাৰ লগতে স্থানীয় ৰাইজ তথা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ সৈতে অতিশীঘ্ৰে ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই । একেদিনাই বিধায়ক গৰাকীয়ে উপস্থিত হয় অসম - মেঘালয় সীমান্তৱৰ্তী চিৰসেউজ লাম্পী অঞ্চলত। লাম্পী অঞ্চলৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰাৰ অন্তত বিদ্যালয় সমূহত শিক্ষকৰ অভাৱ পূৰণ আৰু আন্তঃগাঁথনি উন্নীতকৰণ কৰাৰ বাবে স্থানীয় ৰাইজে আহ্বান জনাই । চিৰসেউজ লাম্পীৰ স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি বুজ লয় বিভিন্ন সমস্যাৰ । আনহাতে, আপাৰ লাম্পীলৈ যোৱা পথটোৰ মেৰামতি কৰাৰ ক্ষেত্ৰত চুবুৰীয়া মেঘালয়ৰ একাংশ লোকে বাধা প্ৰদান কৰাৰ বাবে মেৰামতিৰ কাম বন্ধ হৈ আছে বুলি বিধায়ক ৰাজু মেছক অৱগত কৰে লোক নিৰ্মাণ বিভাগৰ (পথ) বিষয়া তথা অভিযন্তাই। বিধায়ক ৰাজু মেছে এই সন্দৰ্ভত আলোচনা কৰি পথটোৰ মেৰামতিৰ কাম কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / Narayan Kar