
ওদালগুৰি, ১৬ মে’ (হি.স.): যুৱ মঞ্চ টংলাৰ ২৯ সংখ্যক ব'হাগী উৎসৱ সম্পন্ন হয় । যোৱা ১৩ মে'ৰ পৰা ১৫ মে ' তাৰিখলৈ তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল এই উৎসৱ । বিগত বছৰৰ দৰে এইবেলিও ওদালগুৰি জিলাৰ টংলা উচ্চতৰ মাধ্যমিক খেলপথাৰত তিনি দিনীয়াভাৱে আয়োজন কৰা হৈছিল যুৱ মঞ্চ টংলাৰ ২৯ সংখ্যক ব'হাগী উৎসৱ।
প্ৰথম দিনা পতাকা উত্তোলন , গছপুলি ৰোপণ, শ্বহীদ তৰ্পণ, আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবিত মাল্যাৰ্পণৰ পিছতে কণ কণ লৰা ছোৱালীৰ খেল ধেমালি আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আৰু দ্বিতীয় দিনা নৃত্য, গীত মাতৰ প্ৰতিযোগিতাৰ পিছতে মুকলি বিহুৰ অনুষ্ঠান আৰম্ভ হয়, মুকলি বিহুত অসমৰ ভিন্ন প্ৰান্তৰ পৰা বিহু দলে বিহু নৃত্য প্ৰদৰ্শন কৰে । যোৱা কালি ১৫ মে’ অন্তিম দিনাৰ সাংস্কৃতিক সন্ধিয়াত অসম গৌৰৱ বৰ বিহুৱা ৰঞ্জিত গগৈৰ দলে বিহুৰ অনুষ্ঠান সমাৰৰ পিছতে প্ৰাণৰ শিল্পীৰ জুবিন গাৰ্গৰ একালৰ সহ বাদ্য শিল্পী সকলৰ দ্বাৰা নতুনকৈ সংগঠিত বেণ্ড যন্ত্ৰ' ৰ সংগীতনুষ্ঠান অনুষ্ঠিত হয় । জুবিন গাৰ্গৰ বহু ঘনিষ্ঠ বন্ধু বাদ্য শিল্পী ৰাজা বৰুৱাৰ লগতে আন এজন বন্ধুৱে মন্তব্য আগবঢ়াই যেতিয়া লৈকে জুবিনে ন্যায় নাপায় তেতিয়ালৈকে আমি হাত সাবতি বহি নাথাকোঁ সদায় যুঁজ দি যাম বুলি মন্তব্য আগবঢ়ায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ