
মৰিগাও, ১৬ মে (হি.স.)। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অনুমোদিত আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন , নতুন দিল্লীৰ দ্বাৰা পৰিচালিত জাগীৰোড স্থিত কেন্দ্ৰীয় বিদ্যালয়ত ২০২৬-২৭ বৰ্ষৰ বাবে নতুন নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে বিদ্যালয় কৰ্তৃপক্ষ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে । অহা ১৮ মে'ৰ পৰা এই নামভৰ্তিৰ পঞ্জীয়ন প্ৰ-পত্ৰ প্ৰদান কৰা হ'ব । প্ৰথম অৱস্থাত এই নতুন নামভৰ্তিৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ অন্তৰ্ভুক্ত কৰা হৈছে ।
উল্লেখযোগ্য যে অহা ৫ জুনত নামভৰ্তি হ'ব লগীয়া ছাত্ৰ-ছাত্ৰীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছতে অহা ৮ জুনৰ পৰা নামভৰ্তি আৰম্ভ হ'ব । মনকৰিবলগীয়া যে বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে অতিক্ৰম কৰি অহা কেন্দ্ৰীয় বিদ্যালয় এইচ পি চি এলৰ পৰিৱৰ্তে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ শেহতীয়া নিৰ্দেশনাত এতিয়াৰে পৰা ইয়াক জাগীৰোড কেন্দ্ৰীয় বিদ্যালয় নামেৰে জনাজাত হ'ব । এই ক্ষেত্ৰত নতুনকৈ নিৰ্মাণ হ'বলগীয়া জাগীৰোড কেন্দ্ৰীয় বিদ্যালয় খনৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষ সমূহে প্ৰায় ৪০ কোটি টকাৰ অনুমোদন আগবঢ়াইছে বুলি জানিবলৈ দিয়ে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অতনু প্ৰসাদ বৰাই ।
ইফালে বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক বুলবুল চৌধুৰী, জ্যেষ্ঠ শিক্ষক নেপোলিয়ন মাজ্জিৰ উপস্থিতিত জাগীৰোড কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ডলী দাসে জানিবলৈ দিয়া অনুসৰি নতুনকৈ নিৰ্মাণ হ'বলগীয়া জাগীৰোড কেন্দ্ৰীয় বিদ্যালয় গৃহ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সম্প্ৰতি এ আই ডি চিৰ অধীনত থকা কেন্দ্ৰীয় বিদ্যালয় এইচ পি চি এলৰ পুৰণি বিদ্যালয় গৃহতে শ্ৰেণী সমূহ চলি থাকিব । এই ক্ষেত্ৰত অধ্যক্ষ প্ৰমুখ্যে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ অভিভাৱক তথা স্থানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু