চাপৰ বজাৰৰ ৫ নং ৱাৰ্ডত উত্তপ্ত পৰিস্থিতি
চাপৰৰ বজাৰৰ ৫ নং ৱাৰ্ডত উত্তপ্ত পৰিস্থিতি।
চাপৰ বজাৰৰ ৫ নং ৱাৰ্ডত উত্তপ্ত পৰিস্থিতি


ধুবুৰী, ১৫ মে' (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ বজাৰৰ ৫ নং ৱাৰ্ডত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিলাতী সুৰাৰ বিপণী মুকলি কৰাক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ। চাপৰ পৌৰ সভাৰ উপ পৌৰপতি অৰুণ কুমাৰ নাগ উৰুফে মনা নাগে মুকলি কৰে এই বিপণী।

চাপৰ নাগৰিক মঞ্চৰ লগতে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে বিলাতী সুৰাৰ বিপণীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহই চাপৰ পৌৰ সভা গঠনৰ সময়ত আহ্বান জনাইছিল চাপৰ পৌৰ সভাত যেন বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ নিদিয়ে। কিন্তু জননেতা গৰাকীৰ আদৰ্শক ভৰিৰে মহাৰি বিলাতী সুৰাৰ বিপণী মুকলি কৰাক লৈ চাপৰত তীব্ৰ উত্তেজনা।আনফালে নিলগত আছে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বহু কেইখন শিক্ষা প্ৰতিষ্ঠান। বিপনী খনৰ কাষেৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে কিন্তু কোনো ধৰণৰ ভ্ৰুক্ষেপ নাই উপ পৌৰপতি অৰুণ কুমাৰ নাগৰ। কালি সন্ধিয়া সুৰাৰ বিপনীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰি লৈ যায় উপ পৌৰপতি অৰুণ কুমাৰ নাগ, তেওঁৰ পুত্ৰ ৰাকেশ নাগ আৰু অইন তিনিজন কৰ্মচাৰীক। ঘনটাস্থলীত আবকাৰী বিভাগৰ বিষয়া উপস্থিত হৈ সাময়িক ভাৱে সুৰাৰ বিপনী খন বন্ধ কৰি দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande