
তামুলপুৰ, ১৫ মে (হি.স.)। তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ ডাওগাংবাৰী বড়ো মাধ্যম উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিজেন্দ্ৰ বসুমতাৰীক আজি এক আৱেগিক পৰিৱেশত অৱসৰকালীন বিদায় সম্বৰ্ধনা জনোৱা হয়।
১৯৮৬ চনৰ পৰা সুদীৰ্ঘ ৪০ বছৰ কাল শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰ সৈতে জড়িত থকা নিষ্ঠাৱান শিক্ষকগৰাকীক আজি পুৱা কুমাৰীকাটা এবছু, বড়ো সাহিত্য সভা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে পৰম্পৰাগত খাম-চিফুঙৰ ধ্বনিৰে এক বিশাল শোভাযাত্ৰা কৰি উষ্ম আদৰণি জনায়। বিদ্যালয়খন অ-প্ৰাদেশিকীকৰণ অৱস্থাত থকাৰ পৰাই তেওঁ আগবঢ়োৱা অসীম ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰি অনুষ্ঠিত বিশেষ সভাখনত প্ৰাক্তন বিধায়ক জলেন দৈমাৰীকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। বিদ্যালয় পৰিয়াল আৰু গুণমুগ্ধসকলে শিক্ষকগৰাকীক আৰণাই আৰু উপহাৰেৰে সন্মানিত কৰাৰ লগতে তেওঁৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ অৱসৰ জীৱন কামনা কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা