ফিফা বিশ্বকাপ ২০৩০ লৈকে ব্ৰাজিলৰ প্ৰশিক্ষক হৈ থাকিব কাৰ্লো এনচেলটি
নতুন দিল্লী, ১৫ মে’ (হি.স.)। ব্ৰাজিলৰ ফুটবল ফেডাৰেচন (চিবিএ)-এ বৃহস্পতিবাৰে নিশ্চিত কৰে যে মুখ্য প্ৰশিক্ষক কাৰ্লো এন্সেল’টিয়ে ব্ৰাজিলৰ জাতীয় দলৰ সৈতে ২০৩০ চনৰ ফিফা বিশ্বকাপলৈকে চুক্তি বৃদ্ধি কৰিছে। অহা চাৰি বছৰৰ বাবে কাৰ্যকৰী হ’ব এই নতুন চুক্তি।
ब्राजील के मुख्य कोच कार्लो एंसेलोटी


নতুন দিল্লী, ১৫ মে’ (হি.স.)। ব্ৰাজিলৰ ফুটবল ফেডাৰেচন (চিবিএ)-এ বৃহস্পতিবাৰে নিশ্চিত কৰে যে মুখ্য প্ৰশিক্ষক কাৰ্লো এন্সেল’টিয়ে ব্ৰাজিলৰ জাতীয় দলৰ সৈতে ২০৩০ চনৰ ফিফা বিশ্বকাপলৈকে চুক্তি বৃদ্ধি কৰিছে। অহা চাৰি বছৰৰ বাবে কাৰ্যকৰী হ’ব এই নতুন চুক্তি।

যোৱা বছৰৰ মে’ মাহত ব্ৰাজিলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল এন্সেল’টীক। তেওঁৰ নিৰ্দেশনাত ব্ৰাজিলে ১১ জুনৰ পৰা আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে।

এতিয়ালৈকে এন্সেল’টিৰ কাৰ্যকালত ব্ৰাজিলে ১০খন মেচ খেলিছে, য’ত পাঁচখন জয়, দুখন ড্ৰ’ আৰু তিনিখন পৰাজয় হৈছে। তেওঁৰ লক্ষ্য হৈছে ব্ৰাজিলক অভিলেখ ষষ্ঠবাৰৰ বাবে বিশ্বকাপ চেম্পিয়ন কৰা।

কাৰ্লো এন্সেল’টিয়ে এক আনুষ্ঠানিক বিবৃতিত কয় যে, মই এবছৰৰ আগতে ব্ৰাজিলত উপস্থিত হৈছিলো। প্ৰথম মিনিটৰ পৰাই মই বুজি পাইছিলো যে এই দেশৰ বাবে ফুটবলৰ অৰ্থ কি। যোৱা এবছৰ ধৰি আমি ব্ৰাজিলৰ জাতীয় দলটোক বিশ্ব ফুটবলৰ শিখৰলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আহিছো। কিন্তু চিবিএফ আৰু মই আৰু অধিক বিচাৰো—অধিক জয়, অধিক সময় আৰু অধিক কঠোৰ পৰিশ্ৰম।

তেওঁ লগতে কয়, আমি ঘোষণা কৰি আনন্দিত হৈছো যে আমি অহা চাৰি বছৰলৈকে একেলগে থাকিম। ২০৩০ চনৰ বিশ্বকাপলৈকে আমি একেলগে কাম কৰিম। তেওঁলোকৰ আস্থাৰ বাবে চিবিএফক ধন্যবাদ জনাইছো। ব্ৰাজিল, আপোনাৰ উষ্ম আদৰণি আৰু ইমান মৰমৰ বাবে ধন্যবাদ।

ব্ৰাজিলৰ ফুটবল ফেডাৰেচনৰ সভাপতি সমীৰ শ্বাউদে কয়, কাৰ্লো এঞ্চেল'টিৰ চুক্তি নবীকৰণ কৰাটো আমাৰ প্ৰতিশ্ৰুতিৰ দিশত আন এক শক্তিশালী পদক্ষেপ। পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ৰাষ্ট্ৰীয় দলটোক আৰু অধিক শক্তিশালী, অধিক আধুনিক, আৰু অধিক প্ৰতিযোগিতামূলক কৰি তোলাৰ দিশত দেশজুৰি ক্লাব আৰু সংস্থাসমূহ শক্তিশালী কৰা।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande