
গুৱাহাটী, ১৫ মে (হি.স.)। সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ গৌৰৱোজ্জ্বল শুভাৰম্ভ। দিনজোৰা কাৰ্যসূচীৰে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়খনত।
সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াৰ প্ৰতিষ্ঠাৰ ৭৫ বছৰীয়া 'মহাৰজত জয়ন্তী' উদযাপনৰ শুভাৰম্ভ কৰা হয়।
পুৱা প্ৰথম কাৰ্যসূচী হিচাপে বিদ্যালয়ৰ পতাকা আৰু মহাৰজত জয়ন্তীৰ ৭৫ খন পতাকা উত্তোলন কৰা হয়। তাৰ পিছতে বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।
ডিমৰীয়াৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি সামৰি ওলিওৱা শোভাযাত্ৰা শুভ উদ্বোধন কৰে ডিমৰীয়াৰ নৱ নিৰ্বাচিত বিধায়ক ড° তপন দাসে। এই বৰ্ণিল শোভাযাত্ৰাই সমগ্ৰ সোণাপুৰবাসীক মোহিত কৰে।
হিন্দুস্থান সমাচাৰ / Narayan Kar