
মানকাচৰ, ১৫ মে (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ ৰাজহ চক্ৰৰ অধীনস্থ হাজিৰহাট, কদমতলী অঞ্চলত যোৱা কিছুদিন ধৰি ব্ৰহ্মপুত্ৰ নদীৰ চলা তীব্ৰ গঢ়াখহনীয়াৰ অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ ভেটি মাটি নদীৰ বুকুত বিলীন হৈ যোৱাত সৰ্বহাৰা হৈ পৰে।
হাজিৰহাট আৰু কদমতলীত চলা খহনীয়াৰ তাণ্ডৱত সৰ্বহাৰা হোৱা ৰাইজ নিজৰ ভেটি মাটি হেৰুৱাই সৰ্বহাৰা হৈ ৰাস্তা, ওখ ভেটিত কোনোমতে আশ্ৰয় লৈ দিন কটাবলগীয়া হৈছে। অঞ্চলটোত নাই চৰকাৰী কোনো স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা, নাই কোনো খহনীয়াৰ কবলত পৰি সৰ্বহাৰাৰ হোৱা ৰাইজৰ নাই সাহায্যৰ ব্যৱস্থা। ইতিমধ্যে যোৱা এটা মাহে প্ৰায় অৰ্ধশতাধিক লোকে নিজৰ মাটি ভেটি হেৰুৱাবলগীয়া হৈছে। জিলা প্ৰশাসন তথা বিভাগৰ পৰা কোনো ধৰণৰ ব্যৱস্হা গ্ৰহণ নকৰাৰ অভিযোগ নৈপৰিয়া ৰাইজৰ।অঞ্চলটোত চলা খহনীয়াৰ ফলত ন-অঞ্চল খহনীয়াৰ ভাবুকিত পৰিবলগীয়া হোৱাত আতংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। যাৰ বাবে নব গঠিত, প্ৰশাসন আৰু জলসম্পদ বিভাগক অনতিপলমে হাজিৰহাট কদমতলী অঞ্চলৰ গঢ়াখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কাতৰ আহ্বান জনায় নিজৰ মাটি ভেটি হেৰুওৱা নৈপৰিয়া ভুক্তভোগী ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ