
বৰপেটা, ১৫ মে’ (হি.স.): বজালীত ব্যক্তিগত শিক্ষানুষ্ঠানৰ অধ্যক্ষই চলনাৰে ভূমি দখলৰ অভিযোগ উত্থাপিত হৈছে। ভূমি দখলৰ এই অভিযোগক লৈ বজালীত চাঞ্চল্যৰ সৃষ্টি হৈছে । চৰকাৰী আঁচনীৰ হিতাধিকাৰীৰ তালিকাত নাম ভৰোৱাৰ ছলেৰে দুখীয়া পৰিয়ালৰ পৰা আধাৰ কাৰ্ড আৰু পেন কাৰ্ড সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, তাৰ পিছতেই আৰম্ভ হয় পৰিয়ালটোৰ ওপৰত চাপ সৃষ্টি।বজালী জিলাৰ উত্তৰ প্ৰান্তৰ গেৰগেৰীয়া গাঁৱৰ এটি দৰিদ্ৰ পৰিয়াল বলী হ’ল এজন তথা কথিত ভূমাফিয়াৰ। বাক্সা জিলাৰ জালাহস্থিত অনন্ত একাডেমীৰ অধ্যক্ষ ভবেশ শৰ্মাৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে মাটি দখলৰ অভিযোগ আনিছে ভুক্তভোগী পৰিয়ালে।
ঘটনা অনুসৰি, গেৰগেৰীয়া গাঁৱৰ ডিম্বেশ্বৰ দাসৰ পত্নী নিৰু দাসৰ নামত থকা ১ বিঘা ২ কোঠা মাটি পৰিয়ালৰ অজ্ঞাতে বিক্ৰী কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে নিৰু দাসৰ পৰিয়ালে । চৰকাৰী আঁচনীত স্বাক্ষৰ কৰিব বুলি মাতি নিয়াৰ পিছত, পাঠশালা ৰাজহ চক্ৰ কাৰ্যালয়ত ভূমি নামজাৰি কৰিবলৈ যোৱাৰ সময়তহে পোহৰলৈ আহে সমগ্ৰ ঘটনাৰ ।
উল্লেখ্য যে, চৰকাৰী নিয়ম অনুসৰি বিক্ৰী হোৱা ভূমিত লাট মণ্ডলে উপস্থিত হৈ জিঅ’ টেগিং কৰাৰ পিছতহে নথি সম্পূৰ্ণ হ’ব লাগে। কিন্তু জিঅ’ টেগ নকৰাকৈ কেনেকৈ মাটি বিক্ৰীৰ প্ৰমাণপত্ৰ ওলাল তাক লৈ উত্থাপিত হৈছে একাধিক প্ৰশ্ন ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ