ডিমৌত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু
শিৱসাগৰ, ১৫ মে (হি.স.)। শিৱসাগৰ জিলাৰ ডিমৌত আজি পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ডিমৌ দিহিং পথত লোক নিৰ্মান বিভাগৰ কাৰ্যালয়ৰ সমীপত থকা খুঁটাত এ এছ ০৪ এইছ ৮৫১২ নম্বৰৰ এখন টিভি এচ বাইকে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘট
ডিমৌত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু


শিৱসাগৰ, ১৫ মে (হি.স.)। শিৱসাগৰ জিলাৰ ডিমৌত আজি পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ডিমৌ দিহিং পথত লোক নিৰ্মান বিভাগৰ কাৰ্যালয়ৰ সমীপত থকা খুঁটাত এ এছ ০৪ এইছ ৮৫১২ নম্বৰৰ এখন টিভি এচ বাইকে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

এই দুৰ্ঘটনাটোত বাইকখনৰ চালক ডিমৌ বৰুৱাচাংমাই গাৱৰ মহেন্দ্ৰ চেতিয়া নামৰ লোকজনৰ মৃত্যু হয়। বৰ্তমান ডিমৌ আৰক্ষীয়ে মহেন্দ্ৰ চেতিয়াৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে বাইকখন জব্দ কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande