ভাৰত আৰু ইউ এ ইয়ে ৭টা বিষয়ত সহমতত উপনীত, ৫ বিলিয়ন ডলাৰৰ বিনিয়োগৰ ঘোষণা
নতুন দিল্লী, ১৫ মে’(হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইউ এ ই ভ্ৰমণৰ সময়ত ৭টা মূল বিষয়ত চুক্তি হয়। দুয়োখন দেশৰ মাজত কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্বৰ কাঠামোৰ ওপৰত এক চুক্তিত উপনীত হয়। শক্তি খণ্ডত কৌশলগত পেট্ৰলিয়াম মজুত আৰু তৰলীকৃত পেট্ৰলিয়াম
गार्ड ऑफ आनर के दौरान प्रधानमंत्री मोदी और यूएई के राष्ट्रपति


নতুন দিল্লী, ১৫ মে’(হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইউ এ ই ভ্ৰমণৰ সময়ত ৭টা মূল বিষয়ত চুক্তি হয়। দুয়োখন দেশৰ মাজত কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্বৰ কাঠামোৰ ওপৰত এক চুক্তিত উপনীত হয়। শক্তি খণ্ডত কৌশলগত পেট্ৰলিয়াম মজুত আৰু তৰলীকৃত পেট্ৰলিয়াম গেছ (এল পি জি) যোগানৰ ক্ষেত্ৰত চুক্তি কৰা হৈছিল। গুজৰাটৰ ভাদিনাৰত জাহাজ মেৰামতিৰ ক্লাষ্টাৰ স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ উপৰিও ভাৰতীয় আন্তঃগাঁথনি খণ্ড, আৰ বি এল বেংক, আৰু সম্মান কেপিটেলত ৫ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগ ঘোষণা কৰা হয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি কৌশলগত পেট্ৰলিয়াম মজুত সম্পৰ্কীয় ভাৰত আৰু ইউ এ ই আৰু আবুধাবি নেচনেল অইল কোম্পানীৰ মাজত হোৱা চুক্তিৰ লক্ষ্য হৈছে ভাৰতৰ শক্তি সুৰক্ষা শক্তিশালী কৰা। ইয়াৰ দ্বাৰা ভাৰতলৈ খাৰুৱা তেল আৰু এল পি জিৰ সুস্থিৰ যোগান নিশ্চিত হ’ব। এই চুক্তিয়ে ভাৰতক ভৱিষ্যতে বিশ্ব সংকট বা তেলৰ মূল্যৰ উঠা-নমা লাঘৱ কৰাত সহায় কৰিব।

এল পি জি যোগান সহযোগিতা চুক্তিৰ অধীনত ইউ এ ইয়ে ভাৰতক দীৰ্ঘম্যাদী ভিত্তিত তৰলীকৃত পেট্ৰলিয়াম গেছ প্ৰদান কৰিব। ইয়াৰ দ্বাৰা ভাৰতৰ ঘৰুৱা গেছৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায়ক হ’ব। এই চুক্তিয়ে শক্তি সুৰক্ষা বৃদ্ধি কৰাৰ লগতে দুয়োখন দেশৰ অৰ্থনৈতিক আৰু কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিব।

ভাৰত আৰু ইউ এ ইৰ মাজত কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্বৰ কাঠামোৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা উদ্যোগৰ সহযোগিতা বৃদ্ধি কৰা। ইয়াৰ অধীনত প্ৰতিৰক্ষা প্ৰযুক্তিৰ ভাগ-বতৰা আৰু সামুদ্ৰিক সুৰক্ষাৰ দৰে ক্ষেত্ৰত দুয়োখন দেশে সহযোগিতা বৃদ্ধি কৰিব। ইয়াৰ দ্বাৰা আঞ্চলিক নিৰাপত্তা আৰু দুয়োখন দেশৰ কৌশলগত সম্পৰ্ক শক্তিশালী হ’ব।

ভাদিনাৰত জাহাজ মেৰামতি ক্লাষ্টাৰ স্থাপনৰ চুক্তিয়ে ভাৰতৰ সামুদ্ৰিক আৰু উদ্যোগ খণ্ডক নতুন গতি প্ৰদান কৰিব। ইয়াৰ দ্বাৰা জাহাজ মেৰামতি উদ্যোগত উত্থান ঘটিব আৰু ‘মেক ইন ইণ্ডিয়া’ অভিযান শক্তিশালী হ’ব। এই প্ৰকল্পৰ জৰিয়তে স্থানীয় নিয়োগ আৰু বিনিয়োগৰ সুযোগো বৃদ্ধি পাব।

জাহাজ নিৰ্মাণ আৰু মেৰামতি খণ্ডত দক্ষতা বিকাশৰ সহযোগিতাৰ লক্ষ্য হৈছে ভাৰতীয় যুৱক-যুৱতীসকলক আধুনিক কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰা। ইয়াৰ দ্বাৰা ভাৰতৰ জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতি খণ্ডৰ বাবে দক্ষ মানৱ সম্পদৰ সৃষ্টি হ’ব।

ভাৰতত এ আই ছুপাৰ কম্পিউটিং ক্লাষ্টাৰ স্থাপনৰ চুক্তিৰ অধীনত ইউ এ ইৰ এটা প্ৰযুক্তি কোম্পানীয়ে ভাৰতত অত্যাধুনিক ডাটা চেণ্টাৰ আৰু ছুপাৰ কম্পিউটাৰ ক্ষমতা বিকাশ কৰিব। ইয়াৰ দ্বাৰা ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তা, গৱেষণা, আৰু ডিজিটেল উদ্ভাৱন অভিযান ত্বৰান্বিত হ’ব আৰু প্ৰযুক্তি খণ্ডত নতুন সুযোগ মুকলি হ’ব।

ইউ এ ইয়ে ভাৰতত ৫ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগৰ ঘোষণাই ভাৰতীয় আন্তঃগাঁথনি প্ৰকল্পত এক বৃহৎ গতি প্ৰদান কৰিব। এই বিনিয়োগে পথ, বন্দৰ, শক্তি, আৰু উদ্যোগ খণ্ডৰ উন্নয়নত সহায় কৰিব। ইয়াৰ দ্বাৰা নিয়োগৰ সুযোগ বৃদ্ধি পাব, অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হ’ব, ভাৰতৰ বৃদ্ধিৰ গতিবেগ শক্তিশালী হ’ব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande