
আবুধাবি/নতুন দিল্লী, ১৫ মে’(হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) ভ্ৰমণৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ চুক্তি আৰু বিনিয়োগৰ ঘোষণা কৰা হয়। দুয়োখন দেশৰ মাজত কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্বৰ ওপৰত এক কাঠামো চুক্তিত উপনীত হয়। শক্তি খণ্ডত কৌশলগত পেট্ৰলিয়াম মজুত আৰু তৰলীকৃত পেট্ৰলিয়াম গেছ (এল পি জি) যোগানৰ ক্ষেত্ৰত চুক্তি কৰা হৈছিল। গুজৰাটৰ ভাদিনাৰত জাহাজ মেৰামতিৰ ক্লাষ্টাৰ স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ উপৰিও ভাৰতীয় আন্তঃগাঁথনি খণ্ড, আৰ বি এল বেংক আৰু সম্মান কেপিটেলত ৫ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগ ঘোষণা কৰা হয়।
ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে পুৱা ছয় দিনীয়া বহিঃৰাজ্য ভ্ৰমণৰ বাবে আবুধাবিত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইয়াৰ পৰাই তেওঁৰ পাঁচখন দেশৰ ভ্ৰমণৰ আৰম্ভণি। পৰৱৰ্তী সময়ত তেওঁ নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব। আবুধাবি বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনাই ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে। আহি পোৱাৰ লগে লগে তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংযুক্ত আৰব আমিৰশ্বাহী ভ্ৰমণৰ সময়ত আজি ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ উপস্থিতিত ভাৰত আৰু ইউ এ ইৰ মাজত বুজাবুজিৰ চুক্তিৰ আদান-প্ৰদান হয়।
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালৰ মতে, দুয়োগৰাকী নেতাই বিস্তৃত বিষয়ত এক উৎপাদনশীল বৈঠকত মিলিত হয়। দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। এই আলোচনাত শক্তি, বাণিজ্য আৰু বিনিয়োগ, নীলা অৰ্থনীতি, ফিনটেককে ধৰি প্ৰযুক্তি, প্ৰতিৰক্ষা, আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক আদি ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। পশ্চিম এছিয়াৰ উন্নয়ন আৰু অন্যান্য বিশ্বজনীন বিষয়ৰ ওপৰতো মত বিনিময় কৰে।
তেওঁ কয় যে এই ভ্ৰমণৰ সময়ত শক্তি, প্ৰতিৰক্ষা, জাহাজ, আন্তঃগাঁথনি, আৰু উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ চুক্তিৰ আদান-প্ৰদান কৰা হয়, যিয়ে ভাৰত-ইউ এ ইৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰে। ইউ এ ইয়ে ভাৰতত ৫ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগৰ কথাও ঘোষণা কৰে, যাৰ ফলত আমাৰ বজাৰ আৰু আন্তঃগাঁথনি আৰু অধিক শক্তিশালী হ’ব।
ইফালে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বক্তব্যত ইউ এ ইৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয় যে ইউ এ ইক যি ধৰণে লক্ষ্য কৰি লোৱা হৈছে সেয়া কোনো ৰূপতে গ্ৰহণযোগ্য নহয়। ৰাষ্ট্ৰীয় ঐক্য, নিৰাপত্তা, আৰু ভূখণ্ডৰ অখণ্ডতা বজাই ৰখাৰ বাবে ইউ এ ইৰ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়। এই কঠিন সময়ত ইউ এ ইত বসবাস কৰা ভাৰতীয় প্ৰবাসীসকলৰ যত্ন লোৱাৰ বাবেও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে আশ্বাস দিয়ে যে ভাৰতে প্ৰতিটো পৰিস্থিতিত ইউ এ ইৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে আৰু অব্যাহত থাকিব। শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ বাবে ভাৰতে সকলো ধৰণৰ সহায় আগবঢ়াব। চৰ্চাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পশ্চিম এছিয়া অঞ্চলত যুদ্ধৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে অনুভৱ কৰা হৈছে। সমস্যা সমাধানৰ বাবে ভাৰতে সদায় আলোচনা আৰু কূটনীতিক গুৰুত্ব দি আহিছে। আমাৰ অগ্ৰণী লক্ষ্য হৈছে হৰমুজ জলদ্বীপ যাতে মুক্ত আৰু মুকলি হৈ থাকে। এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় আইন মানি চলাটো অতি প্ৰয়োজনীয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া