
শ্ৰীভূমি , ১৫ মে (হি.স.)। বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী লোকৰ মৃত্যু হৈছে শ্ৰীভূমি চহৰত। মুষলধাৰ বৰষুণৰ ফলত শ্ৰীভূমি চহৰত অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। চহৰৰ প্ৰায় সমগ্ৰ এলাকাত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে ।
ইয়াৰ মাজতেই চহৰৰ থানা ৰোড অঞ্চলত চাইকেলেৰে গৈ থকা অৱস্থাত বিদ্যুতৰ তাঁৰ ছিঙি পৰাৰ ফলত এজন ব্যক্তিৰ মৃত্যু হয়। লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। শ্ৰীভূমি চহৰৰ বাহিৰেও জিলাৰ বিভিন্ন এলেকা ইতিমধ্যে জলমগ্ন হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা