চামগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন আৰু আন এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত
চামগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত আৰু এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ।
চামগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন আৰু আন এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত


নগাঁও, ১৫ মে’ (হি.স.): নগাঁও জিলাৰ চামগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হৈছে। ইয়াৰ উপৰি আন এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । নিহত লোকজন হৈছে বাজীয়া গাঁৱৰ আগফালৰ চৰিফুল ইছলাম আৰু গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত লোকজনক নাম প্ৰণৱ দাস বুলি জানিব পৰা গৈছে। বনৰীয়া হাতীৰ আক্ৰমণত আহত প্ৰণৱ দাসক ততাতৈয়াকৈ চামগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য় যে ৰাজ্য়ৰ ওদালগুৰি, বাক্সা, শোণিতপুৰ, তামুলপুৰ, যোৰহাট, গোলাঘাট আদি এলেকাত বনৰীয়া হাতীৰ উপদ্ৰপ অব্য়াহত আছে। হাতী মানুহৰ এই সংঘাটত বিভিন্ন সময়ত বহু সংখ্য়ক লোকে প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ বন্য়হস্তীও মৃত্য়ুমুখত পৰিছে। মানুহ আৰু বন্য হস্তীৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হ'ল জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল ধ্বংস হোৱা, যাৰ বাবে হাতীয়ে খাদ্য আৰু বাসস্থানৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি খেতি পথাৰ আৰু ঘৰ-বাৰী ধ্বংস কৰে, যাৰ ফলত মানুহৰ জীৱনহানি হোৱাৰ লগতে হাতীৰো মৃত্যু ঘটে। এই সংঘাত ৰোধ কৰিবলৈ বনাঞ্চলৰ সুৰক্ষা, হাতীৰ খাদ্যৰ ব্যৱস্থা কৰা, আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজনীয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande