নলবাৰীত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত শিশু , চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য্যৰ আবেদন পৰিয়ালৰ
নলবাৰী, ১৫ মে (হি.স.)। “পখিলা খেদা বয়সতেই জীৱনৰ লগত এক কঠিন যুদ্ধ…” । নলবাৰীৰ বৰ্নিবাৰি গাঁৱৰ পটেৰবাৰীৰ এটি সাধাৰণ পৰিয়ালত নামি আহিছে গভীৰ অন্ধকাৰ। জিটু বৈশ্য আৰু তুলিকা দাস বৈশ্যৰ কণমানি পুত্ৰ গৌৰৱ বৈশ্য — বয়স মাত্ৰ ৫ বছৰ । হাঁহি-ধেমালিৰ বয়সত আজি
নলবাৰীত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত শিশু , চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য্যৰ আবেদন পৰিয়ালৰ


নলবাৰী, ১৫ মে (হি.স.)। “পখিলা খেদা বয়সতেই জীৱনৰ লগত এক কঠিন যুদ্ধ…” । নলবাৰীৰ বৰ্নিবাৰি গাঁৱৰ পটেৰবাৰীৰ এটি সাধাৰণ পৰিয়ালত নামি আহিছে গভীৰ অন্ধকাৰ। জিটু বৈশ্য আৰু তুলিকা দাস বৈশ্যৰ কণমানি পুত্ৰ গৌৰৱ বৈশ্য — বয়স মাত্ৰ ৫ বছৰ । হাঁহি-ধেমালিৰ বয়সত আজি সি ভুগি আছে এক মাৰাত্মক ৰোগত ।

প্ৰায় ৫ মাহ আগতে বাওঁফালৰ বুকুত খুন্দা খোৱাৰ পিছত আৰম্ভ হৈছিল বিষ আৰু অসুস্থতা । প্ৰথমে পৰিয়ালে সাধাৰণ আঘাত বুলি ভাবিছিল যদিও সময়ৰ লগে লগে গৌৰৱৰ শাৰীৰিক অৱস্থা অধিক সংকটজনক হৈ পৰে। পিছত নলবাৰী চিকিৎসা মহাবিদ্যালয় হস্পিতালত বিভিন্ন পৰীক্ষা কৰাৰ পিছত গৌৰৱৰ বুকু আৰু মূৰত ধৰা পৰিছে টিউমাৰ । লগতে কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগে আক্ৰমণ কৰিছে এই নিষ্পাপ শিশুটোক।

চিকিৎসাৰ নামত ইতিমধ্যে পৰিয়ালটোৰ জমা ধন, সা-সম্পত্তি সকলো শেষ হোৱাত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ থাকিব লগিয়া হৈছে শিশুটো । এটা সাধাৰণ পৰিয়ালৰ বাবে উক্ত চিকিৎসাৰ বাবে বিপুল পৰিমাণৰ ধন যোগাৰ কৰা প্ৰায় অসম্ভৱ হৈ পৰিছে । এফালে কণমানি গৌৰৱৰ অসহ্য যন্ত্ৰণা…

আনফালে সন্তানক বচাবলৈ অসহায় মাক-দেউতাকৰ আপ্ৰাণ চেষ্টা । এই কঠিন সময়ত পৰিয়ালটোৱে বৰক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকা, মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা তথা অসম চৰকাৰৰ লগতে দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষৰ পৰা আৰ্থিক সহায় আৰু আশীৰ্বাদ কামনা কৰিছে। আপোনালোকৰ অলপ সহায়ে হয়তো বচাই দিব পাৰে এটি নিষ্পাপ জীৱন । কোনো সদাশয় লোকে পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিব বিচাৰিলে ৯১০১৩৬৭৫৫৭ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande