২১ জুনত পুনৰ হ'ব নীট পৰীক্ষা
নৱ দিল্লী, ১৫ মে'' (হি.স.)। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ই কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পাছত নীট (ইউজি) ২০২৬ৰ ২১ জুনত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ঘোষণা কৰিছে। সংস্থাটোৱে ছ’চিয়েল মিডিয়াত প্ৰাৰ্থী আৰু অভিভাৱকসকলক কেৱল চৰকাৰী এন টি এ চেনেলৰ জৰিয়ত
neet


নৱ দিল্লী, ১৫ মে' (হি.স.)। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ই কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পাছত নীট (ইউজি) ২০২৬ৰ ২১ জুনত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ঘোষণা কৰিছে।

সংস্থাটোৱে ছ’চিয়েল মিডিয়াত প্ৰাৰ্থী আৰু অভিভাৱকসকলক কেৱল চৰকাৰী এন টি এ চেনেলৰ জৰিয়তে প্ৰকাশ কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। সংস্থাটোৱে যিকোনো তথ্য বা সহায়ৰ বাবে ইমেইল ঠিকনা: neet-ug@nta.ac.in আৰু হেল্পলাইন নম্বৰ: ০১১-৪০৭৫৯০০০ আৰু ০১১-৬৯২২৭৭০০ জাৰি কৰিছে। ইফালে, যোৱা নিশা শিক্ষামন্ত্ৰীৰ বাসগৃহত নীট পৰীক্ষা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত আগন্তুক পৰীক্ষাৰ প্ৰস্তুতি, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা অনুষ্ঠিত কৰা সম্পৰ্কীয় বিভিন্ন দিশৰ ওপৰত বিশদ আলোচনা কৰা হয়। বৈঠকত সচিব (উচ্চ শিক্ষা), সচিব (বিদ্যালয় শিক্ষা), সঞ্চালক প্ৰধান, এন. টি. এ., অধ্যক্ষ, চি. বি. এছ. ই., আয়ুক্ত, কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয় সমিতিৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। এই বৈঠকত আগন্তুক পৰীক্ষাৰ তাৰিখ চূড়ান্ত কৰা হৈছিল।

--------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande