বৰপথাৰত সুৰাক কেন্দ্ৰ কৰি কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ
গোলাঘাট, ১৫ মে’ (হি.স.)। গোলাঘাট জিলাৰ সৰুপথাৰ সম-জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত অভংপথাৰত যোৱাকালি বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক লোমহর্ষক হত্যাকাণ্ডৰ ঘটনা । অভিযোগ অনুসৰি, কনিষ্ঠ ভাতৃ ললিত গগৈ অৰ্থাৎ দদৌ গগৈয়ে হত্যা কৰে নিজৰ জ্যেষ্ঠ ভাতৃ দিল
বৰপথাৰত সুৰাক কেন্দ্ৰ কৰি কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ


গোলাঘাট, ১৫ মে’ (হি.স.)। গোলাঘাট জিলাৰ সৰুপথাৰ সম-জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত অভংপথাৰত যোৱাকালি বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক লোমহর্ষক হত্যাকাণ্ডৰ ঘটনা । অভিযোগ অনুসৰি, কনিষ্ঠ ভাতৃ ললিত গগৈ অৰ্থাৎ দদৌ গগৈয়ে হত্যা কৰে নিজৰ জ্যেষ্ঠ ভাতৃ দিলীপ গগৈক ।

পৰিয়ালিক সূত্রে জানিব পৰা মতে,দুয়ো ভাইৰ মাজত সুৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ বাক-বিতণ্ডা । পাছত সেই কাজিয়াই ভয়ংকৰ ৰূপ লয় আৰু সংঘটিত হয় এই হত্যাকাণ্ড । ঘটনাৰ পিছতেই অভিযুক্ত ললিত গগৈয়ে বৰপথাৰ আৰক্ষী থানাত আত্মসমর্পণ কৰা বুলি জানিব পৰা গৈছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । একেটা পৰিয়ালৰ দুজন ভাইৰ মাজত সংঘটিত এই শোকাবহ ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য । সুৰাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি প্ৰাথমিকভাৱে সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande