
দৰং, ১৫ মে (হি.স.)। মঙলদৈৰ নৱ নিৰ্বাচিত বিধায়িকা নীলিমা দেৱীৰ চাদেন ভিজিট মঙলদৈ অসামৰিক চিকিৎসালয়ত।
বহু দিনৰ পৰাই বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা চিকিৎসালয় খনত হঠাতে উপস্থিত হৈ ধমক দিলে ৰোগীৰ ৰখিয়াক।
তৎকালীন ভাৱে সমস্যা বোৰ সমাধান কৰি সৰ্ব সাধাৰণ ৰাইজৰ বাবে দৰঙৰ একমাত্ৰ চিকিৎসালয় খন উন্নত কৰাৰ আশ্বাস প্ৰদান বিধায়ক গৰাকীৰ। স্থানীয় লোকৰ ভাষ্য অনুসৰি চিকিতসালয়খনত বহুসমস্যা আছে আৰু নতুন বিধায়িকাই এই সমস্যাসমূহ সমাধানত গুৰুত্ব দিলে সচাকৈ ৰোগী সকলে যথেষ্ট সকাহ পাব।
বিধায়িকাগৰাকীয়ে চিনেমাৰ কায়দাত এনেদৰে আনে কৰা দেখি যদি চাদেন ভিজিত দি পুনৰ এইমুৱা নহয় তেতিয়া হলে সমস্যাসমূহৰ সমাধান নোহোৱাকৈ থাকি যাব।
আনহাতে প্ৰকৃততে যদি বিধায়িকা গৰাকীয়ে এই সমস্যাসমূহৰ সমাধান কৰি চিকিতসালয়খন উন্নত কৰিব পাৰে তেতিয়াহলে ৰাইজে প্ৰকৃতাৰ্থত বহু সকাহ পাব আৰু ৰোগীৰ চিকিতসাৰ বাবে দূৰ দূৰণিলৈ যোৱাৰ আৱশ্যকতা নাথাকিব বুলিও স্থানীয় লোকে জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা