হাজোৰ বাগটাৰ গৰৈমাৰীত নৃশংস হত্যাকাণ্ড
হাজোৰ বাগটাৰ গৰৈমাৰীত নৃশংস হত্যাকাণ্ড।
হাজোৰ বাগটাৰ গৰৈমাৰীত নৃশংস হত্যাকাণ্ড


কামৰূপ, ১৫ মে’ (হি.স.): কামৰূপ জিলাৰ হাজোৰ বাগটাৰ গৰৈমাৰীত যোৱা কালি বৃহস্পতিবাৰে বিয়লি এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় । স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক । হত্যাকাৰী স্বামীৰ নাম হেমন্ত পাটোৱাৰী বুলি জানিব পৰা গৈছে ।

হত্যাৰ বলী হোৱা পত্নী গৰাকীৰ নাম ঠুনুমনি বৈশ্য । হত্যাকাৰী স্বামী হেমন্ত পাটোৱাৰীৰ তৃতীয় পত্নী আছিল ঠুনুমনি । তৃতীয় গৰাকী পত্নীক হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে হত্যাকাৰী স্বামীয়ে । পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande