
শিৱসাগৰ, ১৫ মে' (হি.স.): শিৱসাগৰ জিলাৰ ডিমৌ সমীপৰ নাহৰণিৰ মেঘা চাহ বাগিচাত পিঞ্জৰাৱদ্ধ কৰা হৈছে এটা নাহৰফুটুকী৷ বৃহস্পতিবাৰে বন বিভাগে স্থাপন কৰিছিল পিঞ্জৰা। বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো৷
উল্লেখ্য যে বহুদিনৰ পৰা বাঘৰ মুক্ত বিচৰণৰ ফলত বাগিচাৰ ৰাইজ আতংকিত হৈ আহিছিল। নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ বাবে আজি স্বস্তিৰ নিশ্বাস এৰিছে ৰাইজে।
অন্যহাতে নাহৰফুটুকীটো পিঞ্জৰাত আৱদ্ধ হোৱাৰ খবৰ আজি পুৱা বিয়পি পৰাৰ লগে লগে বাঘ চাবলৈ সহস্ৰাধিক লোকৰ আগমন হয় বাগিচাখনলৈ ৷ বাগিচাখনত উপস্থিত হোৱা বন বিভাগৰ লোকে বাঘটোৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ