
বেংগালুৰু, ১৫ মে’ (হি.স.)। কৰ্ণাটকৰ বিভিন্ন জিলাত বৃহস্পতিবাৰে গভীৰ নিশা প্ৰবল বৰষুণ, প্ৰচণ্ড বতাহ আৰু বজ্ৰপাতৰ ফলত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰে। বিজয়াপুৰা, দভাংগেৰেকে ধৰি কেইবাখনো জিলাৰ ব্যাপক ক্ষতিসাধন হয়। ঘৰ ভাঙি গ’ল, গছ-গছনি আৰু বিদ্যুতৰ খুঁটা উভালি পৰিল। সমগ্ৰ ৰাজ্যতে বৰষুণ সম্পৰ্কীয় ঘটনাত মুঠ ৬ জন লোকৰ মৃত্যু হয়।
বিজয়াপুৰা জিলাৰ আলামেল তালুকৰ মৰ্গাটি গাঁৱত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ ফলত এটা ঘৰৰ চাল আৰু বেৰ ভাঙি এটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু হয়। নিহত দুজন হৈছে গুৰুনাথ বদিগেৰে (৩৫), পত্নী জ্যোতি বদিগেৰে (২৮), কন্যা কালম্মা (১৩), আৰু আন এগৰাকী কন্যা কীৰ্তি (৯)। বিজয়াপুৰা জিলাৰ মুদ্দেবিহল তালুকৰ বিদাৰকুণ্ডী গাঁৱত ভয়াৱহ ধুমুহাৰ সময়ত প্ৰকাণ্ড গছ পৰি মৃত্যুক সাৱটি লয় এজন বৃদ্ধ। ডাৱংগেৰে জিলাৰ জাৰেকাট্টে গাঁৱৰ পথাৰত ভেড়া চৰা অজিত (১৯) নামৰ এজন যুৱকৰ বজ্ৰপাতৰ খুন্দাত থিতাতে মৃত্যু হয়।
নিশাৰ বৰষুণত ৰাজ্যৰ কেইবাটাও স্থানত ব্যাপক ক্ষতিসাধন হয়। বেলাগাৱী জিলাৰ খানাপুৰ তালুকৰ ভূৰাংকি গাঁৱত এখন বিদ্যালয়ৰ চাল উৰুৱাই নিয়াৰ ফলত উৰুৱাই নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আথানী তালুকৰ সম্বৰ্গী গাঁৱত পাঁচটা ঘৰৰ চাল ভাঙি শস্য আৰু ঘৰুৱা সামগ্ৰী নষ্ট হয়। প্ৰচণ্ড বতাহে উৰুৱাই লৈ যায় হাভেৰী জিলাৰ ইজাৰিলকাম্মাপুৰৰ এটা যাযাবৰী সম্প্ৰদায়ৰ জুপুৰি। চিক্কামাগালুৰু-শ্ৰীংগেৰী ৰাজ্যিক ঘাইপথত এজোপা প্ৰকাণ্ড গছ বাগৰি কিছু সময়ৰ বাবে যাতায়ত ব্যাহত হৈ পৰে। উত্তৰ কানাড়া জিলাৰ ভাটকল আৰু হন্নাভাৰ অঞ্চলতো বজ্ৰপাতৰ সৈতে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত কেইবাটাও অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।
ইফালে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আগন্তুক দুদিনলৈ ৰাজ্যৰ বহু ঠাইত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি ভৱিষ্যদ্বাণী কৰিছে। দক্ষিণ অভ্যন্তৰীণ কৰ্ণাটকৰ বেংগালুৰু নগৰীয়া আৰু গ্ৰাম্য, চিত্ৰদুৰ্গা, কোলাৰ, আৰু চিক্কাবল্লাপুৰ জিলাত বজ্ৰপাতৰ সৈতে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। উপকূলীয় আৰু উত্তৰ অভ্যন্তৰীণ কৰ্ণাটকতো বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে, আৰু ৰাইজক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ