
কাছাৰ, ১৫ মে’ (হি.স.):কাছাৰ জিলাৰ জিৰিঘাট অঞ্চলত যোৱা কালি সন্ধিয়া আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত সংঘৰ্ষত নিহত হৈছে এজন ড্ৰাগছ মাফিয়াৰ সদস্য। মৃত লোকজনৰ নাম চেলান দংগল বুলি জানিব পৰা গৈছে।
মন কৰিবলগীয়া যে যোৱা ৫ মে’ত জিৰিঘাটত ড্ৰাগছ মাফিয়াৰ গুলীচালনাত এজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হৈছিল । তাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলজুৰি কাছাৰ আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে । অভিযানৰ সময়তে জিৰিঘাটত আৰক্ষী আৰু দুষ্কৃতিকাৰীৰ মাজত পুনৰ সংঘৰ্ষৰ সৃষ্টি হয়। আৰক্ষী সূত্ৰই জনোৱা মতে, এই সংঘৰ্ষত নিহত হৈছে চেলান দংগল । ইফালে এই ঘটনাত নৱজিৎ তাঁতী আৰু সন্তোষ বিশ্বাস নামৰ দুজন আৰক্ষীও গুৰুতৰভাৱে আহত হয়।
কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই জনোৱা মতে, মৃত চেলান দংগল ইউনাইটেড কুকি ৰাষ্ট্ৰীয় সেনাবাহিনীৰ সদস্য আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ