শিসাগৰৰ মেটেকাঘাটত দিখৌ নদীৰ ব্যাপক গৰাখহনীয়া
শিৱসাগৰ, ১৫ মে (হি.স.)। শিসাগৰৰ মেটেকাঘাটত দিখৌ নদীৰ ব্যাপক খহনীয়া।ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোৰ লগতে সমগ্ৰ শলগুৰি মৌজা ভাবুকি কঢ়িয়াই আনিছে ঐতিসাহিক ৰংঘৰ,কাৰেংঘৰলৈ। বৰ্তমান এই দিখৌ নদীৰ প্ৰবাহিত অংশতে পূৰ্বতে চল্লিশটা পৰিয়ালৰ এখন গাওঁ আছিল।১৯৯
শিসাগৰৰ মেটেকাঘাটত দিখৌ নদীৰ ব্যাপক গৰাখহনীয়া


শিৱসাগৰ, ১৫ মে (হি.স.)। শিসাগৰৰ মেটেকাঘাটত দিখৌ নদীৰ ব্যাপক খহনীয়া।ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোৰ লগতে সমগ্ৰ শলগুৰি মৌজা ভাবুকি কঢ়িয়াই আনিছে ঐতিসাহিক ৰংঘৰ,কাৰেংঘৰলৈ। বৰ্তমান এই দিখৌ নদীৰ প্ৰবাহিত অংশতে পূৰ্বতে চল্লিশটা পৰিয়ালৰ এখন গাওঁ আছিল।১৯৯৪-৯৫ চনৰ দিখৌৰ বলিয়াবানে সম্পূৰ্ণৰূপে নিঃশেষ কৰিলে গাওঁখন ।

লগতে মথাউৰিত সেই সময়ত চিগিযোৱাত কেবাখনো গাওঁ প্লাৱিত কৰিছিল ।সম্প্ৰতি পুনৰ এই মেটেকা অঞ্চলত পুনৰ খহনীয়া আৰম্ভ হৈছে ।যোৱা তিনি_ বছৰ ধৰি চলি থকা এই খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত জলসম্পদ বিভাগে বিশেষ কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে।যোৱাটো বানত দুটামান পৰ্কুপাইনৰ ব্যৱস্থা কৰিয়ে দাইসাৰে বিভাগে দিখৌৰ এই খহনীয়াৰ আহি কাষৰ মথাউৰি স্পৰ্শ কৰিবলৈ প্ৰায় ৫০ মানহে আছেগৈ ।যদি আচিৰে দিখৌ নদীৰ এই খহনীয়া প্ৰতিৰোধ নকৰে তেন্তে অঞ্চলটোৰ তিনিটা মৌজাৰ লগতে ঐতিসাহিক ৰংঘৰ ,কাৰেংঘৰলৈকে ভাবুকি সৃষ্টি কৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande