
গুৱাহাটী, ১৫ মে (হি.স.)। ডিমৰীয়াৰ বামফৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা নগাঁও অভিমুখী তীব্ৰবেগী মাৰুতি বাহনে মহতিয়ালে যাত্ৰীবাহী ই-ৰিক্সাক।
এই দুৰ্ঘটনাটোত কেইবাজনো লোক আহত হয়। ইয়াৰে বহুকেইজনে গুৰুতৰভাৱে আহত হয়। আহত সকলক সংকটজনক অৱস্থাত হস্পাতাললৈ প্ৰেৰণ কৰাৰ লগতে ই-ৰিক্সাৰ চলকক চিকিৎসালয়লৈ প্ৰেৰণ।
জানিব পৰা অনুসৰি এ এছ ০১ বি এল ০২০৭ নম্বৰৰ তীব্ৰবেগী মাৰুতি বাহখনে একে দিশে গৈ থকা ই-ৰিক্সাখনক খুন্দিওৱাৰ ফলত প্ৰায় বিধ্বস্ত হৈ পৰে ইৰিক্সাখন আৰু ই ৰিক্সাত থকা যাত্ৰীসকল গুৰুতৰভাৱে আহত হয়।
ঘটনাস্থলীত ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহায়ত আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / Narayan Kar