চাপৰ বজাৰত বিলাতী সুৰাৰ বিপণী মুকলি কৰাক কেন্দ্ৰ কৰি চাপৰত অব্যাহত প্ৰতিবাদ
ধুবুৰী, ১৫ মে (হি.স.)। চাপৰ বজাৰৰ মাজমজিয়াত বিলাতী সুৰাৰ বিপণী মুকলি কৰাক কেন্দ্ৰ কৰি চাপৰত অব্যাহত আছে প্ৰতিবাদ। চাপৰ পৌৰসভাৰ সন্মূখত নাগৰিক মঞ্চৰ উদ্যোগত জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্মভূমিত বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত অৱস্থান বি
চাপৰ বজাৰত বিলাতী সুৰাৰ বিপণী মুকলি কৰাক কেন্দ্ৰ কৰি চাপৰত অব্যাহত প্ৰতিবাদ


ধুবুৰী, ১৫ মে (হি.স.)। চাপৰ বজাৰৰ মাজমজিয়াত বিলাতী সুৰাৰ বিপণী মুকলি কৰাক কেন্দ্ৰ কৰি চাপৰত অব্যাহত আছে প্ৰতিবাদ। চাপৰ পৌৰসভাৰ সন্মূখত নাগৰিক মঞ্চৰ উদ্যোগত জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্মভূমিত বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ন।

সুৰা মাফিয়া পিতা পুত্ৰ মুৰ্দাবাদ, চাপৰ পৌৰসভাৰ উপ পৌৰপতি অৰুণ কুমাৰ নাগ মুৰ্দাবাদ, অনুজ্ঞাপত্ৰ বাতিল কৰক আদি বিভিন্ন শ্লোগানাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিলাসীপাৰা সমজিলাৰ আয়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। চাপৰ পৌৰ সভাৰ এলেকাত বিশেষকৈ আৱাসিক এলেকাত মদৰ বিপণীৰ অনুজ্ঞাপত্ৰ বাতিল নকৰিলে চাপৰৰ পৰিৱেশ ভয়ানক হব বুলি হুংকাৰ দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande