
গোলাঘাট, ১৫ মে' (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱৰ ১ নং ইকাৰনীৰ গেলাবিলত যোৱা কালি বৃহস্পতিবাৰে বিয়লি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। যুৱকজন দেৰগাঁৱৰ ৩৫ বছৰীয়া ৰঞ্জন কলিতা বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে ৰঞ্জন কলিতা প্ৰায় তিনিটা দিন ধৰি নিৰুদ্দেশ হৈ আছিল । ইফালে বুধবাৰে গেলাবিল দলং খনৰ ওপৰত উদ্ধাৰ হৈছিল যুৱকজনৰ স্কুটি । পৰিত্যক্ত স্কুটি খন স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছতে সৃষ্টি হৈছিল হুলস্থুলীয়া পৰিৱেশৰ । ৰাইজৰ সন্দেহৰ ভিত্তিতেই যুৱকজনৰ সন্ধানত গেলাবিলত আৰম্ভ হৈছিল এছডিআৰএফৰ অভিযান । অৱশেষত উদ্ধাৰ হ'ল যুৱকজনৰ মৃতদেহ । বৰ্তমানো জানিব পৰা হোৱা নাই যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ । দণ্ডাধীশৰ মতে, মৰণোত্তৰ পৰীক্ষাৰ অন্তত হে' পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত কাৰণ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ