নলবাৰীৰ এখন বিয়া চলি থাকোতেই আটক দৰা-কইনা
নলবাৰীৰ এখন বিয়া চলি থাকোতেই আটক দৰা-কইনা ।
নলবাৰীৰ এখন বিয়া চলি থাকোতেই আটক দৰা-কইনা


নলবাৰী, ১৫ মে' (হি.স.): নলবাৰীত এখন বিয়া চলি থাকোতেই দৰা-কইনাক আটক কৰা ৰ ঘটনা সংঘটিত হৈছে । নলবাৰী জিলাৰ অৰৰা গাঁৱত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া এখন বিয়া চলি থাকোতেই ঘটিল অঘটন ৷ হোমৰ গুৰিৰ পৰাই আটক কৰা হয় দৰা কইনাক ৷

জানিব পৰা মতে অৰৰা গাঁৱৰ ৰাকেশ বৰ্মন নামৰ যুৱকজনে ৰঙিয়া বালিসত্ৰৰ এগৰাকী কিশোৰীক পলুৱাই আনি আজি ঘৰত বিয়াৰ মাংগলিক কাৰ্য চলি থকাৰ সময়তে চাইল্ড হেল্প লাইন ইউনিটৰ এটা দল উপস্থিত হয় বিবাহ স্থলীত । জিলা শিশু সুৰক্ষা বিষয়া মালবিকা কলিতাৰ নিৰ্দেশত চাইল্ড হেল্প লাইন ইউনিটৰ জিলা প্ৰকল্প সমন্বয়ক সঞ্জীৱ কুমাৰ দত্তৰ তত্ত্বাৱধানত নলবাৰী সদৰ থানাৰ সহযোগত দৰা কইনাক উদ্ধাৰ কৰি নলবাৰী জিলা শিশু উন্নয়ন সমিতিৰ সন্মুখত জমা দিয়ে ৷ সম্প্ৰতি কিশোৰী গৰাকীক নলবাৰী জিলা একক অৱস্থান কেন্দ্ৰ সখিত ৰখা হৈছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande