
নগাঁও, ১৫ মে (হি.স.)। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত পৰম্পৰাগত আম দেন্দেৰা দিয়া উৎসৱ। ভকত বৈষ্ণৱৰ মাজত আনন্দ উল্লাস।
ফলৰ ৰজা আমক লৈ গুৰুজনাৰ জন্মস্থানত শ শ বছৰ পৰম্পৰা ৰক্ষা।
শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ জন্মস্থান বটদ্রৱাত শ শ বছৰ ধৰি পৰম্পৰাগত ভাবে সত্রৰ ৰীতি-নীতিক সৰোগত কৰি উদযাপন কৰা উৎসৱ তথা অনুষ্ঠান সমূহৰ আচাৰ ৰীতিয়ে অসমীয়া লোক কৃষ্টিক জীপাল কৰি ৰাখিছে। এই লোকাচাৰ সমূহৰ ভিতৰত ব’হাগ জেঠ মাহৰ সংক্রান্তিৰ দিনা উদযাপন কৰা এটি লোকাচাৰ হ’ল আম দেন্দেৰা দিয়া উৎসৱ। উল্লেখ্য যে এই আম দেন্দেৰা দিয়া অনুষ্ঠানৰ পাছৰ পৰাহে বটদ্রৱা থানৰ প্রসাদত আমক নৈবেদ্য হিচাপে গ্রহন কৰা নিয়ম। আজি ব'হাগ-জেঠৰ সংক্ৰান্তিৰ দিনা ঐতিহ্যমণ্ডিত পৰম্পৰাৰে বটদ্ৰৱা থানত উদযাপন কৰা হয় এই আম দেন্দেৰা দিয়া উৎসৱ। গুৰুজনাৰ দিনৰে পৰা ব’হাগ জেঠ মাহৰ সংক্রান্তিৰ দিনা উৎযাপন কৰা আম দেন্দেৰা দিয়া উৎসৱ উপলক্ষে আজি ভকত বৈষ্ণৱৰ মাজত আনন্দ উল্লাস পৰিবেশ সৃষ্টি হয়। উল্লেখ্য যে ব’হাগ মাহৰ সংক্রান্তিত আমৰ কলি বোৰ পূৰঠ হোৱাৰ পিছত বটদ্রৱা থানত ফলৰ ৰজা আমক নৈবেদ্য হিচাপে আগবঢ়াই প্রসাদৰ ফলাহাৰ হিচাপে গ্রহন কৰা হয়। বটদ্রৱা থানৰ পালিদেউৰী, দেউৰী, ঢেকিয়াল সকলে আম পাৰি আনি বাকলি গুছাই ঢেকীত খুন্দি নিমখ, মিঠাতেল আৰু চেনি মিহলি কৰি দেন্দেৰা প্রস্তুত কৰি দুপৰীয়া কীৰ্তন ঘৰ আৰু দুই পদশিলাত উপস্থিত ভক্ত-বৈষ্ণৱৰ মাজত বিতৰন কৰে। উল্লেখ্য যে এই আম দেন্দেৰা দিয়া অনুষ্ঠানৰ পাছৰ পৰাহে বটদ্রৱা থানৰ প্রসাদত আমক নৈবেদ্য হিচাপে গ্রহন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা