
কামৰূপ, ১৫ মে (হি.স.)। তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিকৰণ কাৰ্য শীঘ্ৰেই কাৰ্যকৰী কৰাৰ দাবী ডিমৰীয়াৰ টোপাতলীত সদৌ তিৱা ছাত্ৰ সন্থাৰ । তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিকৰণ কাৰ্য শীঘ্ৰেই কাৰ্যকৰী কৰাৰ দাবী । ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমি কৌশলেৰে পুঁজিপতিৰ হাতত চমজাই দিয়া ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা।
ডিমৰীয়া আৰু জাগীৰোডৰ জনজাতীয় আৱেষ্টনীত শীঘ্ৰেই অবৈধ দখলকাৰীক উচ্ছেদৰ আহ্বান তিৱা জনগোষ্ঠীটোৰ নেতৃবৰ্গৰ।
টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ গইনা লৈ জাগীৰোডত টাউনশ্বিপ গঠনৰ তীব্ৰ বিৰোধিতা সংগঠনটোৰ। জাগীৰোডৰ সিন্ধিশৰৰ খিলঞ্জীয়া জনজাতীয় লোকলৈ উচ্ছেদৰ জাননী প্ৰদান কৰি নেতৃত্বক পিযুষ হাজৰিকাৰ ধমক দিয়া কাৰ্যক তীব্ৰ গৰিহণা সদৌ তিৱা ছাত্ৰ সন্থাৰ ।
বনভূমি আইন ২০০৬ ৰ জৰিয়তে সিন্ধিশৰৰ লোকসকলক মাটিৰ পট্টা প্ৰদানৰ দাবী।
ভৱিষ্যতে প্ৰতিবাদী জনজাতীয় লোকসকলক ভয়-ভাবুকি নিদিবলৈ পিযুষ হাজৰিকালৈ সকীয়নি সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বৰ।
হিন্দুস্থান সমাচাৰ / Narayan Kar