
শিৱসাগৰ, ১৫ মে (হি.স.): নাহৰফুটুকী বাঘ ধৰিবলৈ শিৱসাগৰ বকতাৰ নৱজ্যোতিত বন বিভাগৰ পিঞ্জৰা স্থাপন কৰা হৈছে । নাহৰফুটুকীৰ সন্ত্ৰাসৰ বিষয়ে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ হৈ পৰে শিৱসাগৰ জিলা বন বিভাগ। নাহৰফুটুকী বাঘ ধৰিবলৈ বন বিভাগৰ তৰফৰ পৰা স্থাপন কৰা হয় এটা পিঞ্জৰা।
শিৱসাগৰ বকতাৰ নৱজ্যোতি, হলমাৰি, চেনিমৰা, বগৰীটিঙত দিন দুপৰতে বাঘৰ আতংক অব্যাহত আছিল ৷ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল নাহৰফুটুকী বাঘে ৷ চেনিমৰা নৱজ্যোতি গাৱঁৰ মাজৰ চাহ বাগিচাত দিনদুপৰতে মুক্ত বিচৰণ বাঘৰ দৃশ্য সম্প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত ৷ এই বাতৰি প্ৰত্যক্ষ কৰি কালি বিয়লি বাঘ ধৰাৰ সন্দৰ্ভত এটা পিঞ্জৰা স্থাপন কৰা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ