
বঙাইগাঁও, ১৫ মে (হি.স.)। ইলোৰা বিজ্ঞান মঞ্চৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। ইলোৰা বিজ্ঞান মঞ্চৰ বঙাইগাঁও শাখাৰ উদ্যোগত উদযাপন। বঙাইগাঁও বীৰঝৰা চাহ বাগিচা আৰ্দশ বিদ্যালয়ত অনুষ্ঠিত কৰা হয় উক্ত প্ৰতিষ্ঠা দিৱস । বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ইলোৰা ৰায়চৌধুৰীৰ জীৱনৰ ওপৰত আলোকপাত কৰা হয়।
অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম কৰি বিজ্ঞানমনষ্ক চিন্তা-চেতনাৰে মৃত্যু পৰ্যন্ত নিজৰ জীৱন পৰিচালিত কৰা ইলোৰা ৰায়চৌধুৰীক সকলোৱে আদৰ্শ হিচাপে গ্ৰহন কৰিব লাগে বুলি মত পোষণ কৰে মূখ্য আলোচক হিচাপে উপস্থিত থকা ড০ সুমিতা বিশ্বাসে। মহান মনীষী গৰাকীক স্মৰণ কৰি আজি মঞ্চত পতাকা উত্তোলন,গছ পুলি ৰোপণ কৰা হয় ।
ইলোৰা ৰায়চৌধুৰীৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰে বঙাইগাঁও শাখাৰ সভাপতি ডা° শংকৰ কুমাৰ দাসে । প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অধিবক্তা হৰেশ্বৰ দাস,বীৰঝৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° চিন্ময় ভট্টাচাৰ্য, দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ফতীক কলিতাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ