
শিৱসাগৰ, ১৫ মে (হি.স.)। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে শিৱসাগৰৰ সকলোৰে চিনাকি কাঞ্চা দায়ে ।
শিৱসাগৰ নগৰৰ পি এম শ্ৰী ১ নং টাউন প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত এখন সৰু দোকান দি জীৱন নিৰ্বাহ কৰিছিল কাঞ্চাই ।
সকলোৰে মৰমৰ আছিল কাঞ্চা দা l
কিন্তু দুৰ্ভাগ্যবশতঃ পৌৰসভাই শেষত দোকান খন আতৰাই দিছিল পথ বহলৰ নামত আৰু কাঞ্চা বহি পৰিছিল পদ পথতে কেইটামান মৰ্টন ছানা লৈ l
যি বাতৰি প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত l অৱশেষত আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে কাঞ্চাই l
কোনো নথকা কাঞ্চা দাক আজি তেখেতৰ নশ্বৰ দেহ শেষ কৃত্য সম্পন্ন কৰাৰ বাবে ওলাই আহিছে শিৱসাগৰ বাসী l
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু