কোকৰাঝাৰত দূৰ্ঘটনাপ্ৰৱণ অঞ্চলত জিলা আযুক্ত, আৰক্ষী অধীক্ষক,জিলা পৰিবহন বিষয়াৰ পৰিদৰ্শন
কোকৰাঝাৰ, ১৪ মে (হি.স.)। কোকৰাঝাৰত দূৰ্ঘটনাপ্ৰৱণ অঞ্চলত জিলা আযুক্ত আৰু আৰক্ষী অধীক্ষকৰ পৰিদৰ্শন ৷ কোকৰাঝাৰত পথ দূৰ্ঘটণা প্ৰতিৰোধ কৰিৱলৈ আজি জিলাখনৰ দক্ষিণ আফলাগাওকে ধৰি কেইবাটাও দূৰ্ঘটনাপ্ৰৱণ অঞ্চলত যৌথ পৰিদৰ্শণেৰে বুঁজ লয় জিলা প্ৰশাসন আৰু পৰিবহন
কোকৰাঝাৰত দূৰ্ঘটনাপ্ৰৱণ অঞ্চলত জিলা আযুক্ত, আৰক্ষী অধীক্ষক,জিলা পৰিবহন বিষয়াৰ পৰিদৰ্শন


কোকৰাঝাৰ, ১৪ মে (হি.স.)। কোকৰাঝাৰত দূৰ্ঘটনাপ্ৰৱণ অঞ্চলত জিলা আযুক্ত আৰু আৰক্ষী অধীক্ষকৰ পৰিদৰ্শন ৷ কোকৰাঝাৰত পথ দূৰ্ঘটণা প্ৰতিৰোধ কৰিৱলৈ আজি জিলাখনৰ দক্ষিণ আফলাগাওকে ধৰি কেইবাটাও দূৰ্ঘটনাপ্ৰৱণ অঞ্চলত যৌথ পৰিদৰ্শণেৰে বুঁজ লয় জিলা প্ৰশাসন আৰু পৰিবহন বিভাগ ৷ বিশেষকৈ পথ সুৰক্ষাক কেন্দ্ৰ কৰি সজাগতা অনাৰ বাৱে দূৰ্ঘটনাপ্ৰৱন অঞ্চল সমূহ পৰিদৰ্শণ কৰে জিলা আয়ুক্ত পি উদয় প্ৰৱীন ,আৰক্ষী অধীক্ষক অক্ষত গাৰ্গ আৰু জিলা পৰিবহন বিষয়া ধজেন বসুমতাৰী।

উল্লেখ্য যে,কোকৰাঝাৰ জিলাত চলিত বৰ্ষত তীব্ৰ বেগত যানবাহন চলাচলৰ বাৱে পথ দূৰ্ঘটণাত বৰ্তমানলৈ ৪০ জনৰ প্ৰাণহানি হয় ৷ ইয়াৰে চলিত মে’ মাহৰ আজিলৈ পাচ জনৰ পৃথক পৃথক দূৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লৈছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande