
কামৰূপ, ১৪ মে (হি.স.)। কৰ্মসংস্থাপনৰ সন্ধানত গৈ ৰে’লৰ ভিতৰতে কৰুণ মৃত্যু অসমৰ যুৱকৰ । ৰঙিয়াৰ পৰা চেন্নাই অভিমুখে গৈ থকা অৱস্থাত অন্ধ্ৰপ্ৰদেশৰ নেল্যোৰ ষ্টেচনত মৃত্যু হয় যুৱক জনৰ। মৃত যুৱক জনৰ নাম পঙ্কজ বাগদি। ৰঙিয়াৰ পৰা চেন্নাইলৈ কামৰ সন্ধানত গৈ থকা অৱস্থাত চলন্ত ৰে’লৰ ভিতৰতে মৃত্যুক সাৱটি লয় পঙ্কজ বাগদিয়ে।
ঘটনাৰ খবৰ পোৱাৰ পিছতে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই তৎপৰতা প্ৰদৰ্শন কৰে। বিধায়ক গৰাকীৰ বিশেষ উদ্যোগত মৃতদেহটো ইতিমধ্যে স্ব-গৃহলৈ আনিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চেন্নাইলৈ কৰ্মৰ সন্ধানত যোৱা পঙ্কজ বাগদিৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা