
নগাঁৱ, ১৪ মে (হি.স.)। নগাঁৱৰ কন্দলীত হাতী মানুহৰ সংঘাতৰ চুড়ান্ত ৰূপ ৷ কন্দলী কুঁহিয়াৰতলি ফাইৰিং ফিল্ডৰ সমীপত থকা এটা বাসগৃহত বন্যহস্তীৰ আক্ৰমণ ৷ বন্যহস্তীয়ে বাসগৃহতো ভাঙি লণ্ডভণ্ড কৰাৰ লগতে এগৰাকী মহিলাক আক্ৰমণ কৰে ৷ মহিলা গৰাকীক বাসগৃহৰ পৰা উলিয়াই আনি ৰাজপথত ঠেকেচি ঠেকেচি হত্যা কৰে বন্যহস্তীয়ে ৷
বৰ্তমান পথৰ ওপৰতে পৰি আছে মহিলা গৰাকীৰ মৃতদেহ ৷ নিহত মহিলা গৰাকী ৰূপালী ৰংপি ৷ কথমপি প্ৰাণ ৰক্ষা পৰে ১০ বছৰীয়া সন্তান আৰু স্বামীৰ ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত বন্যহস্তীৰ জাকে সন্ত্ৰাস চলাই আছিল ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু