
কিয়েভ (ইউক্ৰেইন), ১৪ মে’ (হি.স.)। সমগ্ৰ ইউক্ৰেইনত ৰাছিয়াই ড্ৰোন আৰু মিছাইলৰ বৃহৎ আক্ৰমণ চলাইছে। বুধবাৰে পুৱাৰে পৰা মাজনিশাৰ পিছলৈকে ধাৰাবাহিক আক্ৰমণেৰে ৰাছিয়াই বিধ্বংসী ৰূপ ধাৰণ কৰে। এই আক্ৰমণত কমেও ১৪ জন লোক নিহত হোৱাৰ লগতে ৮০ জনতকৈ অধিক সাধাৰণ নাগৰিক আহত হয়। ৰাছিয়াৰ আক্ৰমণৰ ফলত ৰাজধানী কিয়ভত এটা আৱাসগৃহ ভাঙি পৰে। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা দহজন লোকক উদ্ধাৰ কৰা হয়। এজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৬ জন আহত হয়। প্ৰায় ১ বজাত ইউক্ৰেইনৰ বায়ুসেনাই দেশজুৰি আকাশী সতৰ্কবাণী জাৰি কৰে। ইয়াত ৰাছিয়াই মিগ-৩১ বোমাৰু বিমান নিয়োগ কৰা বুলি সকীয়াই দিয়ে। দেশৰ প্ৰতিটো অঞ্চলতে বেলিষ্টিক মিছাইল আক্ৰমণৰ ভাবুকি নামি আহিছে।
দ্য কিয়ভ ইণ্ডিপেণ্ডেণ্ট কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি কিয়েভৰ সামৰিক প্ৰশাসনৰ মুৰব্বী টাইমুৰ টকাচেংকোৱে ইয়াৰ কিছু সময়ৰ পিছতে সকীয়াই দিছিল যে ৰাছিয়াৰ ড্ৰ’নে ৰাজধানীখনৰ ফালে গৈ আছে আৰু মিছাইল আক্ৰমণ সম্ভাৱ্য ভাবুকি। স্থানীয় সময় অনুসৰি পুৱা ৩:০৮ বজাত কিয়ভৰ মাজেৰে তীব্ৰ বিস্ফোৰণৰ প্ৰতিধ্বনিত হয়। ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ৰাছিয়াৰ ড্ৰ’নৰ সৈতে যুঁজি থকা যেন লাগিল। বেলিষ্টিক মিছাইলৰ আক্ৰমণৰ ফলত হোৱা বিস্ফোৰণৰ শব্দ পুৱা ৩:১৫ বজাৰ পৰা ৩:২০ বজাৰ ভিতৰত শুনা গৈছিল।তাৰ কিছু সময়ৰ পিছতে প্ৰায় ৩:৪৪ বজাত বেলিষ্টিক মিছাইলৰ পুনৰ গুলীচালনা আৰম্ভ হয়।
কিয়েভৰ মেয়ৰ ভিটালি ক্লিটকোৱে জনোৱা মতে, তললৈ যোৱা ড্ৰ’নৰ ধ্বংসাৱশেষে ড্নিপ্ৰ’ভস্কি জিলাৰ পাঁচ মহলীয়া আৱাসিক ভৱনৰ চালত জুই জ্বলাই দিয়ে আৰু ধ্বংসাৱশেষ হ’ল’ছিভস্কি জিলাৰ এটা ৰাস্তাত সিঁচৰতি হৈ পৰে। এটা কাৰ্যালয় ভৱন আৰু পাৰ্কিং গঠনৰ ওপৰতো ড্ৰ’নৰ ধ্বংসাৱশেষ অৱতৰণ কৰে। অব’ল’নস্কি জিলাৰ এটা ১২ মহলীয়া আৱাসিক ভৱনত ড্ৰ’নৰ ধ্বংসাৱশেষৰ খুন্দাত জুই লাগে। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, নিৰ্মাণৰত ২৫ মহলীয়া অট্টালিকা এটাত আক্ৰমণ কৰা হৈছে। ছ’ল’মিয়ানস্কি জিলাত ৰাছিয়াৰ ড্ৰ’নৰ ধ্বংসাৱশেষৰ পৰা এখন গাড়ীত জুই লাগে।
ৰাছিয়াৰ সেনাই ১৩ মে’ৰ বিয়লি ইউক্ৰেইনৰ গুৰুত্বপূৰ্ণ আৰু অসামৰিক আন্তঃগাঁথনিত বৃহৎ আক্ৰমণ চলায়। কেইবাখনো চহৰত একাধিক পৰ্যায়ত কমেও ৮০০খন ড্ৰ’নে আক্ৰমণ চলাই কমেও ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৮০ জনতকৈ অধিক লোক আহত হয়। তাৰ পিছত ৰাছিয়াই মাজনিশাৰ পিছত অধিক আক্ৰমণ চলায়। ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সম্ভাৱনাৰ বিষয়ে সকীয়াই দিয়ে। ইউক্ৰেইনৰ সামৰিক চোৰাংচোৱা সংস্থা এইচ ইউ আৰ এ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীক সকীয়াই দিছিল যে ৰাছিয়াৰ সেনাই বৃহৎ সংখ্যক আকাশ আৰু সাগৰৰ পৰা নিক্ষেপ কৰা ক্ৰুজ মিছাইলৰ লগতে বেলিষ্টিক মিছাইলেৰে আক্ৰমণ অব্যাহত ৰখাৰ পৰিকল্পনা কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া