
তামুলপুৰ, ১৪ মে (হি.স.)। ছাগলী ফাৰ্ম খুলি স্বাৱলম্বী তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ বগৰীখূটিৰ নীলু সৰকাৰ নামৰ এজন উদ্যমী যুৱক ৷ থলুৱা জাতৰ ছাগলীৰ লগতে চিৰোহী,বিটেল,ক্ৰছ বিট আদি উন্নত জাতৰ প্ৰায় ৪০০ তকৈ অধিক ছাগলী পালনেৰে বছৰী ৮ ৰ পৰা ১০ লাখ টকা উপাৰ্জন কৰাৰ লগতে আন কেইবাজনো স্থানীয় যুৱকক কৰ্ম সংস্থাপন দিছে উদ্যমী যুৱকজনে ৷
স্থানীয় লোকে ঘৰত পোহাৰ লগতে অৰুনাচল আদি ৰাজ্যৰ বাহিৰৰ লোকে ছাগলী কিনি নিয়ে ফাৰ্মৰ পৰা ৷ একোটা উন্নত জাতৰ ছাগলী বিক্ৰী হয় ৩০ পৰা ৫০ হাজাৰ টকাত ৷
খাদ্য হিচাপে ভূটান সীমান্তৰ পাহাৰৰ দাঁতিত ঘাঁহ আৰু গছৰ পাটৰ লগতে মাজে সময়ে চাপৰ যোগান ধৰিয়েই ফাৰ্ম খনত চাৰি শতাধিক ছাগলী লালন পালন কৰি আহিছে যুৱক জনে ৷কোনো ধৰণৰ চৰকাৰী সাহাৰ্য অবিহনে দহ বছৰ আগতে মাত্ৰ ত্ৰিশটা ছাগলী পালনেৰে ছাগলী ফাৰ্ম খুলি আত্মনিৰ্ভৰশীল হোৱা নীলু সৰকাৰ সম্প্ৰতি আন দহ জনৰ বাবে আদৰ্শ হৈ পৰিছে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু