মৰিয়নিৰ ধাপাতবাৰী চাহ বাগিচাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
মৰিয়নিৰ ধাপাতবাৰী চাহ বাগিচাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী ৷
মৰিয়নিৰ ধাপাতবাৰী চাহ বাগিচাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী


যোৰহাট, ১৪ মে’ (হি.স.): যোৰহাট জিলাৰ মৰিয়নিৰ ধাপাতবাৰী চাহ বাগিচাত পিঞ্জৰাবদ্ধ হৈছে এটা প্ৰকাণ্ড নাহৰফুটুকী ৷ মৰিয়নি বনাঞ্চলিক বিষয়া কাৰ্যালয় অন্তৰ্গত ধাপাতবাৰী চাহ বাগিছাৰ ১৫ নং চেকচনত আজি পুৱা বন বিভাগৰ দ্বাৰা পতা এটা পিঞ্জৰাত প্ৰকাণ্ড নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হয় ৷

দীৰ্ঘদিন ধৰি ধপাতবাৰী অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷ গৃহস্থৰ হাঁহ, কুকুৰাকে ধৰি পশুধনৰ বিনষ্ট কৰি ক্ষতিসাধন কৰি আহিছিল নাহৰফুটুকীটোৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande