
শিৱসাগৰ, ১৪ মে’ (হি.স.): শিৱসাগৰ বৃহত্তৰ মেটেকা অঞ্চলৰ কুৰুলাকতিয়, মাজগাওঁ, লাইমেকুৰি গাঁও আদি অঞ্চলত নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণে অঞ্চলবাসিক ত্ৰস্তমান কৰি ৰাখিছে । সন্ধিয়া হোৱাৰ লগে লগে অঞ্চলটোৰ ৰাইজে ঘৰৰ পৰা ওলাবলৈ শংকা কৰিব লগীয়া হৈছে । ইয়াৰ উপৰিও বাঘে অঞ্চলটোৰ গৰু ছাগলীক আক্ৰমণ কৰি ভক্ষণ কৰাৰ ফলত গোহালিৰ গৰু মেলিবলৈ ভয় হৈছে অঞ্চলটোৰ ৰাইজৰ ।
অঞ্চলটোত বাঘৰ মুক্ত বিচৰণৰ দৃশ্য সম্প্ৰতি গাঁওবাসীৰ প্ৰায় লোকৰ মোবাইলত বন্দী হৈছে । কিন্তু এই ক্ষেত্ৰত বনবিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে । আনকি এটা পিঞ্জিৰাৰ ব্যৱস্থাও কৰিবলৈ সময় আহৰি নাই বনবিভাগৰ । ইয়াৰ উপৰিও অঞ্চলটোত বান্দৰৰ উপদ্ৰৱত কৃষক ৰাইজে কোনো ধৰণৰ কৃষি কাৰ্য দীৰ্ঘদিন ধৰি কৰিব পৰা নাই । এফালে বাঘৰ সন্ত্ৰাস আনহাতে বান্দৰৰ উপদ্ৰৱত ত্ৰস্তমান দিখৌ নৈৰ পাৰৰ মেটেকা অঞ্চল বাসী। এই আতংকময় পৰিৱেশৰ পৰা মুক্ত কৰিবলৈ বন বিভাগেক গুৰুত্ব প্ৰদান কৰিবলৈ ভূক্তভোগী ৰাইজে আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ