
হোজাই, ১৪ মে’ (হি.স.): ডবকাত সংঘটিত হৈছে এক বৰ্বৰ কাণ্ড ৷ এগৰাকী মহিলাক নিজৰ স্বামীয়ে বিহিলে তালিবানী শাস্তি ৷ লোৰ ৰড আৰু ফলা বাঁহেৰে কোবাই বখলা বখল কৰিলে মহিলা গৰাকীৰ সমস্ত শৰীৰ ৷ শৰীৰৰ প্ৰায় দহ বাৰটা স্থানত কৰিলে বৃহৎ বৃহৎ জখম৷ তেজেৰে লুতুৰি পুতুৰি হৈ পৰে সমগ্ৰ শৰীৰ ৷ এই নাৰকীয় কাণ্ডটো সংঘটিত হৈছে ডবকা থানাৰ অন্তৰ্গত হালদী আটী তপতজুৰিত ৷
জানিব পৰামতে, তপতজুৰীৰ আব্দুল খালেক নামৰ মানৱ ৰূপে দানৱটোৱে কৰিলে এই কু-কাণ্ড ৷ নিজ ঘৰতে পৰনাৰীৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হৈছিল খালেক ৷ লম্পট খালেকৰ এই কাৰ্যত বাধা দিয়াৰ কাৰণে পত্নীৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰে খালেকে ৷
পূৰ্বেই এইজন লম্পট খালেকে এগৰাকী মহিলাক নিজৰ ঘৰতে আনি অবৈধ কামত লিপ্ত হোৱাত ৰাইজে ধৰি বিয়া পতাই দিছিল ৷ এতিয়া দুগৰাকী কৈ পত্নী ঘৰত থকাৰ পিছতো পুনৰ ঘৰলৈ লৈ আহিলে আন এগৰাকী যুৱতীক ৷ এই কামত বাধা দিছিল খালেকৰ প্ৰথমা পত্নীয়ে ৷ যাৰ ফলত এনেদৰে তালিবানী শাস্তিৰ সন্মোখিন হয় মহিলা গৰাকী ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ