সংকল্প পত্রত দিয়া প্রতিশ্রুতিক চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকত ৰূপান্তৰ কৰাৰ বাবে লোৱা পদক্ষেপক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন ৰাজ্যিক বিজেপিৰ
গুৱাহাটী, ১৪ মে’ (হি.স.)। ২০২৬ৰ অসম বিধানসভা নির্বাচনত বিজেপি, অসম প্রদেশে ৰাইজৰ কল্যাণৰ স্বাৰ্থত ৩১ টা মূল প্রতিশ্রুতিৰে সংকল্প পত্ৰ মুকলি কৰিছিল। নির্বাচনী ফলাফলৰ অন্তত যোৱা ১২ মে ২০২৬ তাৰিখে ড০ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হ
বিজেপিৰ ল'গ'


গুৱাহাটী, ১৪ মে’ (হি.স.)। ২০২৬ৰ অসম বিধানসভা নির্বাচনত বিজেপি, অসম প্রদেশে ৰাইজৰ কল্যাণৰ স্বাৰ্থত ৩১ টা মূল প্রতিশ্রুতিৰে সংকল্প পত্ৰ মুকলি কৰিছিল। নির্বাচনী ফলাফলৰ অন্তত যোৱা ১২ মে ২০২৬ তাৰিখে ড০ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰাৰ পাছত ১৩ মে ২০২৬ তাৰিখে এনডিএ মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক সফলভাবে অনুষ্ঠিত হয়। আজি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত এক সংবাদমেলৰ জৰিয়তে দলৰ মুখপাত্র সুৰঞ্জন দত্তই কয় যে, নির্বাচনৰ প্ৰাকমুহুর্তত যিকোনো বাজনৈতিক দলে জনসাধাৰণৰ কল্যাণৰ বাবে দলীয় প্রতিশ্রুতিৰে এখন সংকল্প পত্র মুকলি কৰে।

কেবিনেট বৈঠকত বিজেপিৰ সংকল্প পত্ৰত প্ৰদান কৰা ৩১ টা প্রতিশ্রুতিৰ উত্তৰণৰ ক্ষেত্ৰত অহা ৫ টা বছৰত আখৰে আখৰে ৰূপান্তৰ কৰিব বুলি সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিগত কার্যকালত বিধানসভাৰ মজিয়াত কৈছিল যে যদি তেওঁ আকৌ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হ'বলৈ সুযোগ লাভকৰে তেতিয়া ইউনিফর্ম চিভিল কোড (ইউ.চি.চি.) অসমত বলবৎ কৰিব। বক্তব্য অনুসৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দ্বিতীয়টো কার্যকালৰ প্রথমখন কেবিনেট বৈঠকতে ইউনিফর্ম চিভিল কোড (ইউ.চি.চি.) অসমত বলবৎ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে।

তাৰোপৰি বৈঠকত ৰাজ্যৰ শাসন, উন্নয়ন, নিয়োগ, পৰিবহন আৰু প্রশাসনিক সংস্কাৰৰ সৈতে জড়িত কেইবাটাও বিষয়ত সিদ্ধান্ত গ্রহণ কৰা হয়। লগতে উক্ত বৈঠকত ৰাজ্যত পুনৰ দুই লাখ চৰকাৰী চাকৰিৰ নিযুক্তি প্রক্রিয়া ত্বৰান্বিত কৰাৰ লক্ষ্যৰে মুখ্য সচিবৰ নেতৃত্বত এক বিশেষ টাস্ক ফ'ৰ্ড গঠন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।

বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সমিতিয়ে আধুনিক অসমৰ কর্মযোগী তথা ভবিষ্যতদর্শী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক নির্বাচনী সংকল্প পত্ৰৰ জৰিয়তে দিয়া প্রতিশ্রুতি চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে দায়বদ্ধতাৰে প্রতিশ্রুতি ৰক্ষা কৰাৰ বাবে আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। এক বিজ্ঞপ্তি যোগে বিজেপি বাজ্যিক সমিতিৰ হৈ মুখপাত্র সুৰঞ্জন দত্তই মা ভাৰতী আৰু আই অসমীৰ সেৱাত সমর্পিত মনোভাৱেৰে নিমগ্ন হোৱাত যাতে ঈশ্বৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক শক্তি দিয়ে তাৰেই কামনা কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande