আমেৰিকাৰ কিংবদন্তি ভেনাছ উইলিয়ামছ ৪৫ বছৰ বয়সত ফৰাচী অপেনলৈ প্ৰত্যাৱৰ্তন, হেইলি বেপ্টিষ্টৰ সৈতে খেলিব মহিলাৰ ডাবলছ
নতুন দিল্লী, ১৪ মে’ (হি.স.)। গ্ৰেণ্ড শ্লেম ক’ৰ্টত পুনৰ দেখা যাব আমেৰিকাৰ টেনিছ কিংবদন্তি ভেনাছ উইলিয়ামছ। চলিত মাহৰ পৰা আৰম্ভ হ’বলগীয়া ২০২৬ ফ্ৰেঞ্চ অ’পেনত মহিলা ডাবলছ ইভেণ্টত অংশগ্ৰহণ কৰিব ৪৫ বছৰীয়া খেলুৱৈগৰাকীয়ে। তেওঁতকৈ ২১ বছৰ সৰু আমেৰিকাৰ যুৱ
अमेरिका की दिग्गज महिला टेनिस  खिलाड़ी वीनस विलियम्स


নতুন দিল্লী, ১৪ মে’ (হি.স.)। গ্ৰেণ্ড শ্লেম ক’ৰ্টত পুনৰ দেখা যাব আমেৰিকাৰ টেনিছ কিংবদন্তি ভেনাছ উইলিয়ামছ। চলিত মাহৰ পৰা আৰম্ভ হ’বলগীয়া ২০২৬ ফ্ৰেঞ্চ অ’পেনত মহিলা ডাবলছ ইভেণ্টত অংশগ্ৰহণ কৰিব ৪৫ বছৰীয়া খেলুৱৈগৰাকীয়ে। তেওঁতকৈ ২১ বছৰ সৰু আমেৰিকাৰ যুৱ খেলুৱৈ হেলী বেপ্টিষ্টৰ সৈতে অংশীদাৰিত্ব কৰিব।

বুধবাৰে ফ্ৰেন্স অ’পেনৰ আয়োজকসকলে মহিলা ডাবলছ ইভেণ্টৰ খেলুৱৈৰ তালিকা প্ৰকাশ কৰে, য’ত ভেনাছ উইলিয়ামছ আৰু হেলী বেপ্টিষ্টৰ যুটি অন্তৰ্ভুক্ত কৰা হৈছে। ৰ’লেণ্ড গাৰোছত অনুষ্ঠিত হ’বলগীয়া এই সন্মানীয় ক্লে ক’ৰ্ট প্ৰতিযোগিতাখন ২৪ মে’ৰ পৰা আৰম্ভ হ’ব।

অৱশ্যে এইবাৰ মহিলা একক শাখাত ভেনাছে অংশগ্ৰহণ নকৰে।

ভেনাছ উইলিয়ামছে এই বছৰ ৱাইল্ডকাৰ্ডৰ জৰিয়তে অষ্ট্ৰেলিয়ান অ’পেনলৈ উভতি আহিছিল, য’ত তেওঁ প্ৰথম ৰাউণ্ডত পৰাস্ত হৈছিল। ইয়াৰ লগে লগে তেওঁ অষ্ট্ৰেলিয়ান অ’পেনৰ মূল ড্ৰ’ত খেলা আটাইতকৈ বয়সীয়াল মহিলা খেলুৱৈও হিচাপে পৰিগণিত হয়।

৭টা গ্ৰেণ্ড শ্লেমৰ একক খিতাপ দখল কৰা ভেনাছে এসময়ত মহিলা একক আৰু ডাবল দুয়োটা শাখাতে বিশ্বৰ ১ নং স্থানত আছিল।

ফ্ৰেন্স অ’পেনত তেওঁৰ বিশিষ্ট ইতিহাস আছে। ২০০২ চনত মহিলাৰ একক ফাইনেলত কনিষ্ঠ ভগ্নী ছেৰেনা উইলিয়ামছৰ হাতত পৰাস্ত হয়। ভেনাছ আৰু ছেৰেনা উইলিয়ামছেও ১৯৯৯ আৰু ২০১০ চনত ফ্ৰেন্স অ’পেন মহিলা ডাবলছৰ খিতাপ দখল কৰিছিল।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande