
নতুন দিল্লী, ১৪ মে’ (হি.স.)। হকী ইণ্ডিয়াই বৃহস্পতিবাৰে ফ্ৰান্সৰ অভিজ্ঞ প্ৰশিক্ষক ফ্ৰেডেৰিক ছ’য়েজক ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে । এই নিযুক্তি ভাৰতৰ ২০৩৬ চনৰ অলিম্পিক লক্ষ্যৰ সৈতে সংগতি ৰাখি এক শক্তিশালী আৰু দীৰ্ঘম্যাদী উচ্চ প্ৰদৰ্শনৰ গাঁথনি গঢ়ি তোলাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
ইউৰোপীয় হকীৰ অন্যতম অভিজ্ঞ আৰু সফল প্ৰশিক্ষক হিচাপে স্বীকৃতিপ্ৰাপ্ত ফ্ৰেডেৰিক ছয়েজৰ তিনি দশকৰো অধিক অভিজ্ঞতা আছে। ১৫ বছৰ ধৰি ফ্ৰান্সৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে বিগত ১৫ বছৰ ধৰি বিশ্বমানৰ হকী দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
ফ্ৰেডেৰিক ছ’য়েজে ১৯৯৫ চনৰ পৰা ২০১০ চনলৈকে ফ্ৰান্সৰ হৈ খেলি ১৯৬ খন আন্তঃৰাষ্ট্ৰীয় মেচত ১৯৫ টা গ’ল দিছিল। পৰৱৰ্তী সময়ত তেওঁ ফ্ৰান্স আৰু স্পেইনৰ ৰাষ্ট্ৰীয় পুৰুষ হকী দলৰ প্ৰশিক্ষক হিচাপে কাম কৰিছিল। তিনিখন অলিম্পিক গেমছৰ অভিজ্ঞতাও আছে। তেওঁ স্পেনিছ দলটোক ৰিঅ’ ২০১৬ আৰু টকিঅ’ ২০২০ অলিম্পিকলৈ গাইড কৰিছিল আৰু পেৰিছ ২০২৪ অলিম্পিকত ফ্ৰান্সৰ দলৰ মুখ্য প্ৰশিক্ষক আছিল।
তেওঁৰ প্ৰশিক্ষকতাত স্পেইনে ২০১৯ চনৰ ইউৰোপীয় চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে। ৰিঅ’ আৰু টকিঅ’ অলিম্পিকতো দলটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
যুৱ খেলুৱৈক নিৰীক্ষণ কৰাৰ ক্ষেত্ৰতো ছ’য়েজৰ এক উৎকৃষ্ট অভিলেখ আছে। ২০১৩ চনত দিল্লীত অনুষ্ঠিত এফ আই এইচ জুনিয়ৰ পুৰুষ হকী বিশ্বকাপত তেওঁ ফ্ৰান্সে ঐতিহাসিক ৰূপৰ পদক লাভ কৰাৰ সময়ত নেতৃত্ব দিছিল। শেহতীয়াকৈ তেওঁ ফ্ৰান্সৰ ১৮ বছৰ অনুৰ্ধৰ পুৰুষ দলটোক ২০২৫ চনৰ ইউৰোপীয় চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ নেতৃত্ব দিছিল।
ছয়েজে ২০২১ চনৰ পৰা ২০২৪ চনলৈকে ফ্ৰেন্স হকী ফেডাৰেচনৰ উচ্চ প্ৰদৰ্শন সঞ্চালক হিচাপেও কাম কৰিছিল, খেলুৱৈৰ বিকাশ আৰু প্ৰদৰ্শন ব্যৱস্থাৰ তদাৰক কৰিছিল।
তেওঁৰ প্ৰশিক্ষক কেৰিয়াৰত দুটা এফ আই এইচ পুৰুষ হকী বিশ্বকাপ (২০১৮ আৰু ২০২৩) আৰু ছটা ইউৰোপীয় চেম্পিয়নশ্বিপ অন্তৰ্ভুক্ত। ঘৰুৱা পৰ্যায়তো তেওঁ ২০১২ চনত লিল এম এইচ চি ক্লাবক ফ্ৰান্সৰ ইনড’ৰ আৰু আউটড’ৰ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিবলৈ নেতৃত্ব দিয়ে।
ফ্ৰেডেৰিক ছয়েজ উচ্চ প্ৰদৰ্শন ব্যৱস্থা, খেলুৱৈ বিকাশ, আৰু পেনাল্টি কৰ্ণাৰ কৌশলৰ বিশেষজ্ঞ হিচাপে পৰিচিত। তেওঁৰ দলসমূহৰ বৈশিষ্ট্য হৈছে শক্তিশালী কৌশল আৰু ধাৰাবাহিক প্ৰদৰ্শন।
হকী ইণ্ডিয়াৰ সভাপতি ড০ দিলীপ টিৰ্কিয়ে কয় যে, আমি ফ্ৰেডেৰিক ছয়েজক হকী ইণ্ডিয়া পৰিয়াললৈ আদৰণি জনাইছো। তেওঁ অলিম্পিক, বিশ্বকাপ, আৰু ইউৰোপীয় চেম্পিয়নশ্বিপৰ বিস্তৃত অভিজ্ঞতা কঢ়িয়াই আনে। আমি নিশ্চিত যে তেওঁৰ অভিজ্ঞতাই ২০৩৬ চনৰ অলিম্পিকত উপনীত হোৱাৰ ভাৰতীয় হকীৰ দীৰ্ঘম্যাদী লক্ষ্যক শক্তিশালী কৰিব।
তেওঁ আৰু কয় যে হকী ইণ্ডিয়াৰ উদ্দেশ্য কেৱল তাৎক্ষণিক ফলাফল লাভ কৰাই নহয়, ছাব জুনিয়ৰৰ পৰা ছিনিয়ৰ পৰ্যায়লৈকে এক শক্তিশালী আৰু সংহত প্ৰশিক্ষকৰ গাঁথনি গঢ়ি তোলা।
হকী ইণ্ডিয়াৰ মহাসচিব ভোলা নাথ সিঙে কয়, আমাৰ লক্ষ্য হৈছে তৃণমূল পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে খেলুৱৈসকলৰ বাবে এক শক্তিশালী উন্নয়ন ব্যৱস্থা সৃষ্টি কৰা। ফ্ৰেডেৰিক ছয়েজৰ অভিজ্ঞতাই ভাৰতীয় জুনিয়ৰ হকী কাৰ্যসূচীক নতুন দিশ প্ৰদান কৰিব আৰু ভৱিষ্যতৰ বাবে শক্তিশালী প্ৰতিভা বিকাশত সহায় কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া