বিৰাট কোহলিৰ আই পি এলৰ নৱম শতক অৰ্জন, টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুতগতিত ১৪ হাজাৰ ৰান সংগ্ৰহ
নতুন দিল্লী, ১৪ মে’(হি.স.)। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ৰায়পুৰত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে চমকপ্ৰদ শতক অৰ্জন কৰি বুধবাৰে ইতিহাসৰ সৃষ্টি কৰে। আই পি এলত নৱমটো শতক অৰ্জন কৰাৰ লগতে টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুততাৰে ১৪
शतक लगाने के बाद जश्न मनाते विराट कोहली


নতুন দিল্লী, ১৪ মে’(হি.স.)। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ৰায়পুৰত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে চমকপ্ৰদ শতক অৰ্জন কৰি বুধবাৰে ইতিহাসৰ সৃষ্টি কৰে। আই পি এলত নৱমটো শতক অৰ্জন কৰাৰ লগতে টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুততাৰে ১৪ হাজাৰ ৰান সংগ্ৰহ কৰাৰো অভিলেখ গঢ়িবলৈ সক্ষম হয় কোহলীয়ে।

একেৰাহে দুখন মেচত শূন্যৰ বাবে আউট হোৱাৰ পিছত চাপত পৰি ৩৭ বছৰীয়া কোহলীয়ে কেকেআৰৰ বিৰুদ্ধে আৰম্ভণিৰে পৰাই আগ্ৰাসী পন্থা অৱলম্বন কৰে। তেওঁ ৬০টা বলত ১১টা চাৰি আৰু তিনিটা ছয়কে ধৰি অপৰাজিত ১০৫ ৰান সংগ্ৰহ কৰে।

কোহলীৰ বিস্ফোৰক ইনিংছৰ বাবেই আৰ চি বিয়ে ১৯২ ৰানৰ লক্ষ্য সফলতাৰে খেদি খেদি ৬ উইকেটত সুন্দৰভাৱে মেচখন জয় কৰে।

কে কে আৰৰ বিৰুদ্ধে আই পি এলৰ এইটোৱেই আছিল কোহলীৰ দ্বিতীয়টো শতক, আৰু ২০২৪ চনৰ পিছত তেওঁৰ প্ৰথমটো শতক।

এই শতকৰ সৈতে বিৰাট কোহলীয়েও আই পি এল ২০২৬ত অৰেঞ্জ কেপৰ দৌৰত শীৰ্ষ পাঁচটা স্থান দখল কৰিছে। এতিয়া তেওঁৰ চলিত ছিজনত গড়ে ৫৩.৭৭ ৰানেৰে ৪৮৪ ৰান কৰিছে।

টি-২০ ক্ৰিকেটত ১৪ হাজাৰ ৰান সংগ্ৰহ কৰা কোহলী বিশ্বৰ ষষ্ঠজন বেটছমেন হিচাপে পৰিগণিত হৈছে। তেওঁৰ পূৰ্বে এলেক্স হেলছ, কিয়ৰন পোলাৰ্ড, ডেভিদ ৱাৰ্নাৰ, জোছ বাটলাৰ, ক্ৰীছ গেইলে এই উপলদ্ধি অৰ্জন কৰিছে ।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande